সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত ১৪৯ চি আৰ পি এফ ২৪৪ ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ সহযোগত চলা অভিযানত
চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ পৰা এজন আলফাৰ লিংকমেন আটক কৰে আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত ।
দ্বীপ আৰন্ধৰা ওৰফে মদন নামৰ আলফা স্বাধীনৰ লিংকমেনজনৰ পৰা উদ্ধাৰ কৰা হয় ২ কেজি ওজনৰ বিস্ফোৰক আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা নন-ইলেক্ট্ৰ'নিক ডিটনেটৰ, এটা পইণ্ট ২.২ পিষ্টল আৰু তিনিজাঁই সজীৱ গুলী ।
ইফালে বগীবিল দলং উদ্বোধন কৰিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ প্ৰাক্-মুহূৰ্তত বগীবিল দলঙত এক শক্তিশালী বোমা বিস্ফোৰণ ঘটাবলৈ এই বিস্ফোৰক সামগ্ৰীসমূহ লৈ আনিছিল বুলি জানিবলৈ দিয়ে ধৃত লিংকমেনজনে ।
দুৰ্ধৰ্ষ আলফা নেতা গনেশ অসম আৰু অকণ অসমৰ নিৰ্দেশমৰ্মে বিস্ফোৰক সামগ্ৰীসমূহ অৰুণাচলত থকা আলফা কেম্পৰ পৰা লিংকমেন দ্বীপ আৰন্ধৰাৰ সহযোগত ডিব্ৰুগড়লৈ আনি থকাৰ সময়তে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত চি আৰ পি এফৰ যৌথ অভিযানত জালত পৰে আলফাৰ লিংকমেনজন ।
সেনা-আৰক্ষীৰ চকুত ধূলি দি প্ৰধান মন্ত্ৰীৰ আগমনৰ প্ৰাক্-মুহূৰ্তত কূটাঘাত সংঘটিত কৰিবনেকি ? তাকে লৈ এতিয়া নিদ্ৰাহৰণ হৈছে আৰক্ষীৰ ।
- Log in to post comments
- 734 views