চৰকাৰ পৰিবৰ্তন হ'ল ঠিকেই, কিন্তু পৰিৱৰ্তন ন'হল ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ ৷ স্বাধীনতাৰ সাত দশকৰ পিছতো সোৱণশিৰি নদীত এখন টুলুঙা নাৱেই যাতায়াতৰ একমাত্ৰ ভৰসা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টিকিৰাই-ডিক্ৰংমুখ অঞ্চলৰ ৰাইজৰ ।
স্কুলীয়া ছাত্ৰ-ছাত্রীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে বৃহত্তৰ অঞ্চলটোৰ সকলো লোকেই এইখন টুলুঙা নাৱেৰেই নিতৌ অহা-যোৱা কৰে বিদ্যালয় অথবা বজাৰ-সমাৰলৈ ।
যিসময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়া আৰু "সব কা সাথ সবকা বিকাশ"ৰ কথা কয়, সেই সময়ত ভিতৰুৱা অঞ্চলসমুহত সততে দেখিবলৈ পোৱা এই দৃশ্যসমূহে সাধাৰণ জনতাক ভাবিবলৈ বাধ্য কৰায় যে সেয়া চৰকাৰৰ হাস্যকৰ শ্লোগানহে মাথোঁ ৷
বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্রীসকলৰ উচ্চ শিক্ষাৰ বাবে একমাত্ৰ শিক্ষানুষ্ঠান নামনি ডিক্ৰং উচ্চ মাধ্যমিক বিদ্যালয়লৈ পাঠ গ্ৰহণ কৰিবলৈ নিতৌ ছাত্র-ছাত্রীসকল অহা-যোৱা কৰে টুলুঙা নাৱেৰে ।
অতি বিপদসংকুলভাৱে জীৱন গঢ়াৰ যুঁজত অৱতীর্ণ হয় এই অঞ্চলৰ ছাত্র-ছাত্রীসকল ৷ পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাৰ চকুত পৰিবনে এই ধৰণৰ বিপদসংকুল দৃশ্য ৷ সেয়া সময়তহে লক্ষণীয় হ'ব ৷
- Log in to post comments
- 10 views