এপিডিচিএলৰ অস্থায়ী কৰ্মচাৰীক প্ৰতাৰণা : যোগ্যতা অনুসৰি নিযুক্তি দিবলৈ আহ্বান সংগ্ৰাম সমিতিৰ

এপিডিচিএলৰ অস্থায়ী কৰ্মচাৰীক প্ৰতাৰণা : যোগ্যতা অনুসৰি নিযুক্তি দিবলৈ আহ্বান সংগ্ৰাম সমিতিৰ

অসম বৈদ্যুতিক শক্তি বিতৰণ কোম্পানীৰ অধীনস্থ অস্থায়ী কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে শেহতীয়াভাৱে স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে এইসলক বৈদ্যুতিক কৰ্মচাৰীক অন্যায়ভাৱে প্ৰতাৰণা কৰিব বিচৰা কাৰ্যক কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ   কৰিছে ৷

এই সন্দৰ্ভত সংগঠনটোৰ প্ৰচাৰ সম্পাদক নিখিল ৰায়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সংগ্ৰাম সমিতিয়ে কয় যে অসম বৈদ্যুতিক শক্তি বিতৰণ কোম্পানীত বহুসংখ্যক অস্থায়ী কৰ্মচাৰীয়ে পাঁচৰ পৰা দহ বছৰ ধৰি নানা প্ৰতিকূলতা আৰু নামমাত্ৰ পাৰিশ্ৰমিকেৰে কাম কৰিবলগা হৈছে ৷

এপিডিচিএলৰ অস্থায়ী কৰ্মচাৰীক প্ৰতাৰণা : যোগ্যতা অনুসৰি নিযুক্তি দিবলৈ আহ্বান সংগ্ৰাম সমিতিৰ

কিন্তু শেহতীয়াভাৱে বিভাগটোত নিযুক্তিৰ নামত এইসকল যোগ্য কৰ্মচাৰীক বঞ্চিত কৰিব বিচৰা হৈছে ৷ স্থায়ী কৰ্মচাৰীক নিযুক্তি দিয়াৰ নামত এতিয়া এইসকল কৰ্মচাৰীক পেটে-ভাতে মাৰি জীৱন ধাৰণৰ নিৰাপত্তাহীন কৰি তুলিব বিচৰা হৈছে ৷

যিটো সুস্থ আৰু গণতান্ত্ৰিক চৰকাৰৰ বাবে চূড়ান্ত অমানৱীয়ৰূপে বিৱেচিত হৈছে ৷ সেয়ে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ইয়াক বিৰোধিতা কৰাৰ লগতে এইসকল অস্থায়ী কৰ্মীক সন্মানসহকাৰে তথা যোগ্যতানুসাৰে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷

বিবৃতিটোত লগতে সংগ্ৰাম সমিতিয়ে কয় যে শক্তি বিতৰণ কোম্পানীৰ এই নিযুক্তি প্ৰক্ৰিয়াটোত যথেষ্ট খামখেয়ালি থকাৰ লগতে নিত্য নতুন নিয়ম-নীতিৰে এচাম বিষয়াই পৰিচালনা কৰিব বিচাৰিছে ৷ যিটো গৰিহণাযোগ্য ৷

এইসকল অস্থায়ী প্ৰাৰ্থীক যি কোনো পৰ্যায়তে যাতে বঞ্চনা কৰা নহয় তাৰবাবেও কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে চৰকাৰলৈ আহ্বান জনাইছে ৷

Your Comments