কাইলৈৰ পৰা পশ্চিমবংগত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ হীৰক জয়ন্তী

কাইলৈৰ পৰা পশ্চিমবংগত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ হীৰক জয়ন্তী

উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ হীৰক জয়ন্তীসংখ্যক অধিবেশনখন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগৰ নিউ জলপাইগুৰিত অনুষ্ঠিত হ'ব ৷

এই অধিৱেশনত সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ ৫১টা শাখাৰ প্ৰায় তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

অধিৱেশন সন্দৰ্ভত ইউনিয়নৰ প্ৰচাৰ বিভাগৰ যুটীয়া আহ্বায়ক কল্লোল দেৱশৰ্মাই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক পীযূষ চক্ৰৱৰ্তীয়ে উল্লেখ কৰামতে, এই অধিৱেশনত ৰে'ল সম্পৰ্কীয় বিভিন্ন জ্বলন্ত বিষয় যেনে ৰে'ল শিল্পক ব্যক্তিগতকৰণৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ, খালী পদসমূহ পূৰণ কৰা, চৰকাৰৰ শ্ৰমিকবিৰোধী নীতি, পুৰণি পেঞ্চন নীতি বাহাল কৰা আদিৰ ওপৰত পৰ্যালোচনা কৰা হ'ব আৰু এইবোৰৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ইউনিয়নৰ ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ধাৰণ কৰা হ'ব ৷

কাইলৈৰ পৰা পশ্চিমবংগত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ হীৰক জয়ন্তী

অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ইউনিয়নৰ সভাপতি ৰমণী বৰ্মনে ৷ সভাপতিগৰাকীয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত ইউনিয়নৰ মহিলা কোষৰ সভা অনুষ্ঠিত হ'ব ৷

আনহাতে, আবেলি সমগ্ৰ নিউ জলপাইগুৰি চহৰৰ মাজেৰে এক বাৰেৰহণীয়া শোভাযাত্ৰা উলিওৱাৰ পিছত মুকলি সভা অনুষ্ঠিত হ'ব ৷ এই সভাত অল ইণ্ডিয়া ৰে'ল উইমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্ত, সম্পাদক শিৱগোপাল মিশ্ৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলিও ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক পীযূষ চক্ৰৱৰ্তীয়ে বিবৃতিটোত উল্লেখ কৰিছে ৷

Your Comments