মাজুলীত বিশ্ব বেংকৰ প্ৰতিনিধিয়ে বুজ ল'লে মহিলা সবলীকৰণৰ বিষয়ে

মাজুলীত বিশ্ব বেংকৰ প্ৰতিনিধিয়ে বুজ ল'লে মহিলা সবলীকৰণৰ বিষয়ে

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলীত "পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণ"ৰ সম্ভাৱনীয়তাৰ বুজ ল'বলৈ বিশ্ব বেংকৰ দুগৰাকী সদস্যৰে গঠিত এটি প্ৰতিনিধি দলে শনিবাৰে নদীদ্বীপ জিলাখন ভ্ৰমণ কৰে ।

বিশ্ব বেংকৰ ছিনিয়ৰ প্ৰাইভেট ছেক্টৰ স্পেচিয়েলিষ্ট (ইণ্ডাষ্ট্ৰী ছ'লিউচনছ) ড০ লুইজী টুইনিং-ৱাৰ্ডৰ নেতৃত্বত অহা এই প্ৰতিনিধি দলটোৰ আনগৰাকী সদস্য ৱেণ্ডি লি হ'ল টুৰিজিম স্পেচিয়েলিষ্ট ।

বিশ্ব বেংকৰ প্ৰতিনিধি দুগৰাকীয়ে শনিবাৰে সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা প্ৰশাসনৰ লগতে মাজুলী সাংস্কৃতিক প্ৰেক্ষাপট ব্যৱস্থাপনা প্ৰাধিকৰণেৰে জড়িত স্থানীয় সদস্য আৰু পৰ্যটন, জলসম্পদসহ একাধিক বিভাগৰ মুৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হয় ।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক লীণা দলে, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিনিধি উমাকান্ত ৰাজখোৱা, পীতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন নাথ আদিয়ে অংশগ্ৰহণ কৰে ।

Your Comments