ৰাজপথত জ্বলিল শক্তি মন্ত্ৰীৰ চিতা

অকৰ্মণ্য বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ । গৰমে দহিছে এতিয়া ৰাজ্যবাসীক । কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ শক্তি বিভাগ । উৎকট গৰমত অতিষ্ঠ ৰাজ্যবাসী । আনফালে ঘন্টাৰ পিছত ঘন্টা ধৰি বিদ্যুৎ বিভাগৰ বিদ্যুৎ কৰ্তনে জীয়াতু ভোগাইছে ৰাজ্যবাসীক । তেনেসময়তে সোমবাৰে কামপুৰ আৰু কচুৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত  কৰিলে ভুক্তভুগীয়ে । প্ৰতিবাদকাৰীয়ে কচুৱাৰ ৰাজপথত জ্বলালে শক্তি মন্ত্ৰীৰ চিতা ।

উল্লেখ্য যে নগাঁৱৰ কচুৱা আৰু কামপুৰত  বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যুৎ ব্যৱস্থাত জ্বলা-কলা খোৱা একাংশ লোকে  । বৃহত্তৰ কামপুৰ, কচুৱা , ৰাজা গাঁও, শিঙিমাৰী , মাধৱপাৰা , প্ৰমিলা আদি অঞ্চলত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এই প্ৰতিবাদ  সাব্যস্ত কৰে। প্ৰতিবাদীসকলে কচুৱাৰ ৰাজপথত   প্ৰতিবাদী কণ্ঠেৰে শক্তি মন্ত্ৰী হায় হায় , তপন গগৈৰ কাম নাই  আৰু অসম চৰকাৰ হায় হায় ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ।

 লগতে বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ প্ৰতিমূৰ্তি দাহ কৰে ৰাজপথতে। আনফালে প্ৰতিবাদীসকলে কামপুৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদান কৰে । প্ৰতিবাদীসকলে নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী কৰি ইয়াৰ অন্যথা তীব্ৰ আন্দোলনৰ ভাবুকি দিয়ে ।