১১১ বছৰ অতিক্ৰম কৰিলে গুৱাহাটী মহানগৰীৰ পানবজাৰ স্থিত মহাৰাণা এথলেটিক ক্লাৱে। বিভিন্ন সময়ত অসমৰ ফুটবল জগতখনক বহিৰাজ্যত চিনাকি কৰাই দিয়াত এই ক্লাৱৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । আজি গুৱাহাটী ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি ১১১বছৰীয়া ক্লাবটো সভাপতি ৰাণাপ্ৰতাপ বৰদলৈয়ে কয় যে অহা ৮ ডিচেম্বৰত ক্লাবটোৱে ১১১ বছৰীয়া প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীয়ে আয়োজন কৰিব ।
সেই অনুযায়ী ৮ ডিচেম্বৰৰ পুৱা ৬ বজাত পানবজাৰস্থিত ক্লাৱৰ সন্মুখৰ পৰা মহিলা চাইক্লথন অনুষ্ঠিত কৰিব ।উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব অসম ৰাজ্যপালৰ পত্নী প্ৰেম মুখীয়ে।ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকিব মহানগৰ আৰক্ষীৰ আয়ুক্ত প্ৰদীপ হালৈ,কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিত্তাল সহিতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি।ইফাল সন্ধিয়া ৫ বজাৰ পৰা দিছপুৰ স্থিত পি ডব্লিউ ডি ভৱনত প্ৰতিস্থা দিৱসৰ উপলক্ষে এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হ'ব ।
এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসম সাহিত্য সভা প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি, অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, জ্যেষ্ঠ শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঞি ।এই অনুষ্ঠানতে ক্লাৱৰ মুখপাত্ৰ "মহাৰাণা বাৰ্তা" উন্মোচন কৰা হ'ব ।
ইয়াৰ উপৰিও এই অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা একাংশ খেলুৱৈ আৰু খেলৰ লগত জড়িত ১৫গৰাকীৰ সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব । ইয়াৰ পাছত সন্ধিয়া হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ কেইবাগৰাকী কন্ঠ শিল্পী প্ৰমুখ্যে কৌতুক অভিনেতাই অনুষ্ঠান পৰিবেশন কৰিব।
- Log in to post comments
- 15 views