বঙাইগাঁৱত বীৰ চিলাৰায় স্বৰ্ণ কাপ ফুটবল কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাব চূড়ান্ত বিজয়ী 

s

বঙাইগাঁৱৰ বৰ্ষণগাঁওস্থিত চিলাৰায় ষ্টেডিয়ামত অনুষ্ঠিত বীৰ চিলাৰায় চলন্ত স্বৰ্ণ কাপ ফুটবল প্ৰতিযেগিতাত কাৰ্বি আংলং মণিং ষ্টাৰ ক্লাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে ৷ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাব দলে কোকৰাঝাৰৰ বাৰহুংখা ক্লাবক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে ৷

চূড়ান্ত খেলখন বঙাইগাঁও পৌৰ সভাৰ সভাপতি দীপু চৌধুৰীয়ে উদ্বোধন কৰে ৷ আনহাতে খেলখনৰ অন্তত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত  বঙাইগাঁও জিলাৰ উপায়ুক্ত বাবুলাল শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজয়ী দলটোক  স্বৰ্ণ কাপসহ নগদ পঞ্চাশ হেজাৰ টকা প্ৰদান কৰে ৷ বিজিত দলক ট্ৰফীসহ নগদ ত্ৰিশ হেজাৰ টকা প্ৰদান কৰে পৌৰ সভাৰ সভাপতি দীপু চৌধুৰীয়ে ৷

প্ৰতিযোগিতাখনত বিজয়ী দলৰ খেলুৱৈ গিংমিন থাং হাংছিঙে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে যতীশ সৰকাৰ সোঁৱৰণী ট্ৰফীসহ নগদ চাৰি হেজাৰ টকা আৰু বিজয়ী দলৰে সুভজিৎ ৰায়ে শ্ৰষ্ঠ গল ৰক্ষক হিচাপে মোহিনী মোহন সৰকাৰ সোঁৱৰণী ট্ৰফীসহ নগদ ধনৰ পুৰস্কাৰ লাভ কৰে ৷ উল্লেখ্য যে যোৱা ২৭ নৱেম্বৰৰ পৰা বীৰ চিলাৰায় চলন্ত স্বৰ্ণ কাপ সমিতিৰ উদ্যোগত আৰু বৰ্ষণগাঁও ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাত ৰাজ্যখনৰ মুঠ ৮ টা দলে অংশ গ্ৰহণ কৰে ৷ আজিৰ চূড়ান্ত খেলখন পৰিচালনা কৰে হীৰেণ বৰ্মনে আৰু তেঁৱক লাইনত সহায় কৰে প্ৰবীণ চন্দ্ৰ বৰ্মন আৰু নৃপেন তালুকদাৰে ৷ চতুৰ্থ ৰেফাৰী হিচাপে থাকে প্ৰণৱ ৰাভা ৷

Your Comments