
পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক ব্যস্ততাৰ মাজতে মঙলদৈ আৰক্ষী থানাৰ অন্তগত নাহৰবাৰী গাঁৱত কালি বিয়লি এগৰাকী নৱ-বিবাহিত বেৱাৰীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ ৰহস্যজনক ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত আজি দৰং আৰক্ষীয়ে মৃত বোৱাৰীৰ শহুৰ আৰু দেওৰেকক গ্রেপ্তাৰ কৰে ।
অৱশ্যে মহিলা গৰাকীৰ স্বামী তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ জোৱান কিৰিতি বৰুৱা কৰ্তব্যৰত শ্যামপুৰ থানাৰ পৰাই পলায়ন কৰে | দৰঙৰ আৰক্ষী অধীক্ষক শ্রীজিৎ টিয়ে জনোৱা মতে ঘটনাটোৰ সৈতে আৰক্ষীৰ জোৱান প্রত্যক্ষভাৱে জড়িত নাই কিয়নো শ্যামপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াই আৰক্ষী অধীক্ষকক জনোৱা মতে কালি ঘটনাৰ সময়ত আৰক্ষীৰ জোৱানজন কৰ্তব্যত উপস্থিত আছিল । অৱশ্যে পত্নীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে আৰক্ষী জোৱান কিৰিটি বৰুৱা পৰোক্ষভাৱে জড়িত থকাৰ সম্ভাৱনাৰ কথা বা মানসিক নিৰ্যাতন চলোৱাৰ কথা অস্বীকাৰ কৰা নাই আৰক্ষী অধীক্ষকগৰাকীয়ে।
ইফালে দুৰ্ভগীয়া মহিলা তথা ওদালগুৰি জিলাৰ ৰৌতা ঝাকুৱাপাৰাৰ তিলক হাজৰিকাৰ কন্যা বিতুমণি হাজৰিকাক স্বামী কিৰিটি বৰুৱা আৰু তেওঁৰ পৰিয়ালৰলোকে পৰিকল্পিতভাৱে হত্যা কৰি গাধোৱা ঘৰৰ ভিতৰত জ্বলাই দিয়া বুলি মঙলদৈ থানাত পিতৃ তিলক হাজৰিকাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি কিৰিটিৰ পিতৃ দুতি বৰুৱা আৰু ভাতৃ কুশল বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ তথ্য নিশ্চিত কৰিছে যদিও নিশ্চিত কৰিব পৰা নাই যদিও আৰক্ষী জোৱান কিৰিটি বৰুৱাৰ পৰকীয়া প্ৰেমৰ এয়া পৰিণতি বুলি সন্দেহ ব্যক্ত কৰিছে ।
আৰক্ষীয়ে আজি বিয়লি মৃতদেহৰ মৰোনত্তৰ পৰীক্ষা কৰায় । উল্লেখ্য যে বহু বছৰৰ প্ৰণয়ৰ অন্তত কিৰিটি আৰু বিতুমণি মাত্ৰ দুমাহমান পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ।
- Log in to post comments
- 29 views