দৰঙৰ চপাই জিলা পৰিষদত কংগ্ৰেছ-বিজেপিৰ মাজত মূল যুজঁ

চপাই জিলা পৰিষদত কংগ্ৰেছ-বিজেপিৰ মাজত মূল যুজঁ

সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দৰং জিলাৰ মঙলদৈত বিভিন্ন দলৰ প্ৰাৰ্থী তথা কৰ্মী-সমৰ্থকৰ মাজত উৎসাহ-উদ্দীপনা বৃদ্ধি পোৱা দেখা গৈছে । আৰম্ভণিতে দলসমূহৰ ভিতৰচ'ৰাত কিছু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল যাৰ ফলস্বৰূপে দল ত্যাগ আৰু যোগদানৰ ৰাজনীতি চলিছে বিশেষকৈ কংগ্ৰেছ, বিজেপি আৰু অগপৰ মাজত ।

ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা । আগন্তুক পঞ্চায়ত নিবাৰ্চনত পশ্চিম মঙলদৈৰ অতি গুৰুত্বপূৰ্ণ বিধায়ক গুৰুজ্যোতি দাস, জিলা বিজেপিৰ সভানেত্ৰী নিলীমা দেৱী, সম্পাদিকা শেৱালি গোস্বামীৰ ঘৰুৱা সমষ্টি চপাই জিলা পৰিষদৰ আসনখন যিকোনো উপায়েৰে উদ্ধাৰ কৰিবলৈ বিজেপিয়ে তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ।

বিজেপিয়ে উক্ত আসনখনৰ বাবে শক্তিশালী যুৱ নেত্ৰী কল্যাণী চহৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে নিবেদিতা দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । অগপৰ পৰা সদ্য বিদায়ী বিজেপি নেত্ৰী পুতুলী দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ইতিমধ্যে বিজেপি, এজিপি আৰু কংগ্ৰেছ দলৰ সমষ্টি কমিটীসমূহৰ লগতে মণ্ডল, ব্লক তথা আঞ্চলিক কমিটীসমূহে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক বিজয়ী কৰিবলৈ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰিছে । মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিখন জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিসম্বাদে বিজেপিৰ বিজয়ৰ পথ সুগম কৰিছে ।

বিগত পঞ্চায়ত নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা শাসকীয় বিজেপি দলৰ বিধায়ক গুৰুজ্যোতি দাসে নিজৰ দলৰ প্ৰাৰ্থীক জিকাবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও অগপ দলে বিজেপিৰ কিছু ভোট খহনীয়াৰ সৃষ্টি কৰাতো খাটাং ।

সংখ্যালঘু অধ্যুষিত ধূলা, মোৱামৰীয়া-পুথিমাৰী জিলা পৰিষদত এতিয়ালৈকে এ আই ইউ ডি এফৰ তৎপৰতা পৰিলক্ষিত হোৱা নাই । এইবাৰৰ মূল নিৰ্বাচনী যুজঁখন শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব ।

Your Comments