
আজি মঙ্গলদৈ সনাতন ধৰ্ম মন্দিৰ প্ৰাঙ্গনত দৰং জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা দৰং দক্ষতা সন্মিলন উদ্বোধন কৰে অসম চৰকাৰৰ ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই। দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আঁত ধৰা সন্মিলনখনিত উপস্থিত থাকে কলাইগাঁও বিধান সভা সমষ্ঠিৰ বিধায়ক মহেশ্বৰ বড়ো, মঙ্গলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, উদ্যোগপতি অনুপম ডেকা, পংকজ শৰ্মাৰ লগতে বিভিন্ন বিষয়াবৰ্গ আৰু বিশিষ্ট ব্যক্তিসকল।
ইয়াৰ উপৰিও অনুষ্ঠানটোত উপস্থিত থাকে দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল বিকাশ কেন্দ্ৰ, দীনদয়াল উপাধ্যায় কৌশল কেন্দ্ৰ, অসম দক্ষতা বিকাশ কেন্দ্ৰ, ইউকো আৰ চেটীৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ সহস্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে। ১৯ আৰু ২০ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই দক্ষতা সন্মিলনত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন বিভাগত প্ৰশিক্ষণ গ্ৰহন কৰি নিজকে সংস্থাপিত কৰিব পাৰিব।

- Log in to post comments
- 25 views