ওদালগুৰি জিলাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

ওদালগুৰি জিলাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ   ওদালগুৰিৰ পৰা ৰিজুল হক নাগৰিকত্ব সংশোধনী বিধায়ক, ২০১৬ বাতিলৰ দাবীত ৪৬টা সংগঠনৰ অসম বন্ধৰ প্ৰভাৱ সমগ্ৰ ওদালগুৰি জিলাত সৰ্বাত্মক হয় । বন্ধৰ সময়ছোৱাত বিভিন্ন স্থানত পুৱাৰ ভাগত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে । ইপিনে জিলাখনৰ ওদালগুৰি চহৰকে ধৰি হৰিশিঙা, টংলা, কলাইগাঁও, ভেৰগাঁও ডিমাকুচি, খৈৰাবাৰীত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় ।

নাগৰিকত্ব সংশোধনী বিধায়ক, ২০১৬ বাতিলৰ দাবীত ৪৬টা সংগঠনৰ অসম বন্ধৰ প্ৰভাৱ সমগ্ৰ ওদালগুৰি জিলাত সৰ্বাত্মক হয় ।

বন্ধৰ সময়ছোৱাত বিভিন্ন স্থানত পুৱাৰ ভাগত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে ।

ইপিনে জিলাখনৰ ওদালগুৰি চহৰকে ধৰি হৰিশিঙা, টংলা, কলাইগাঁও, ভেৰগাঁও ডিমাকুচি, খৈৰাবাৰীত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় ।

আনহাতে, টংলাত বন্ধ সমৰ্থকক আটক কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক পংকজ অসমীয়াসহ বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে ৷

Your Comments