নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত টংলাত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত টংলাত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে বিয়লি টংলা চহৰৰ মাজমজিয়াত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ' বেক, বিজেপি হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱালৰ কাম নাই, ৰঞ্জিত দাস গ' বেক, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে ।

ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক পংকজ অসমীয়াৰ নেতৃত্বত অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে টংলা চহৰত উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে ।

Your Comments