গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
বৃহত্তৰ অসমীয়া ভাষিক জনগোষ্ঠীৰ সংস্কৃতিৰ বৰ্ণিল মঞ্চখনক বিশ্বৰ বৃহৎ মানচিত্ৰত অংকিত কৰাৰ এক মহৎ প্ৰয়াসেৰে আৰু সাংস্কৃতিক উত্তৰণৰ অৰ্থে গোলাঘাট মহকুমা ছাত্ৰ সন্থাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অহা ২৬ আৰু ২৭ অক্টোবৰত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।
জানিব পৰামতে, ইতিমধ্যে অসমৰ নিৰ্বাচিত প্ৰায় ১০টা নাট্যদলে অংশগ্ৰহণ নিশ্চিত কৰিছে । প্ৰথম নিশা সন্ধ্যা ৬.০০ বজাত ছাত্ৰ সন্থাৰ শিল্পীসকলৰ দ্বাৰা একাংক নাট প্ৰদৰ্শনেৰে শুভাৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখনিত প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ।
লগতে মঞ্চ উদ্বোধন কৰিব কথাছবি পৰিচালক দীনেশ গগৈয়ে । ইয়াৰোপৰি প্ৰথম দিনা পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব মহকুমা ছাত্ৰ সন্থাৰ সভাপতি যদুমণি গগৈ আৰু ছহিদ তৰ্পণ কৰিব মহকুমা সম্পাদক মনচুম বৰাই ।
আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব নুমলীগড় তেল শোধনাগাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগ আৰু প্ৰকল্প বিভাগৰ মহাপ্ৰবন্ধকদ্বয় মিণ্টু সন্দিকৈ আৰু গিৰীশ বৰা । বিশিষ্ট অতিথিৰূপে অংশ ল'ব সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চৈয়দ মনোৱাৰ হুছেইন আৰু মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে ।
দুয়োদিনাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ আঞ্চলিক আৰু মহকুমা পৰ্যায়ৰ সভাপতি-সম্পাদক ক্ৰমে অংশুমান বৰুৱা, বিশ্বজিত গগৈ, যদুমণি গগৈ, নৱজ্যোতি লেখাৰু আৰু মনচুম বৰাই গোলাঘাটৰ সমূহ সাংস্কৃতিক কৰ্মীৰ সহায়-সহযোগিতা কামনা কৰাৰ লগতে নাট দৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছে ।
- Log in to post comments
- 17 views