বিধায়ক শিলাদিত‍্যক গ্ৰপ্তাৰৰ দাবীত এবিএমছুৰ এজাহাৰ

aa

সততে বিতৰ্কিত মন্তব‍্য কৰা শাসকীয় দলৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত‍্যদেৱে ফাঁচীবজাৰৰ বোমা বিষ্ফোৰন সম্পৰ্কত বিৰূপ মন্তব‍্যৰ তিব্ৰ বিৰোধীতা কৰি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু ভেৰগাঁও জিলা সমিতিয়ে কলাইগাঁও থানাত এজাহাৰ দাখিল কৰে ।

a

সংগঠনটোৰ সভাপতি ৰাজ্জাক আলি আৰু সাধাৰণ সম্পাদক ছাহিল আনোৱাৰে এজাহাৰ দাখিল কৰি কয় যে বিধায়ক শিলাদিত‍্যই শান্তিপ্ৰিয় অসমৰ জনগণক বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব‍্য কৰি শংকৰ-আজানৰ দেশত ভাতৃঘাটি সংঘৰ্ষৰ সূত্ৰপাত ঘটাব বিছাৰিছে । উল্লেখ্য যে ঈদৰ সময়ত বোমা বিষ্ফোৰন ঘটাবলৈ আলফা স্বাধীনক বিধায়ক শিলাদিত‍্যদেৱে প্ৰত‍্যাহ্বান জনোৱা কাণ্ডৰ বিৰুদ্ধে ইতিমধ‍্যে অসমৰ বিভিন্ন ঠাইত বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ।

Your Comments