গৰাখহনীয়া অঞ্চল ভ্ৰমণ বদৰুদ্দিন আজমলৰ

aa

ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাই ভ্ৰমণ কৰি সমষ্টিৰ উন্নয়ন তথা ৰাইজৰ সমস্যাৰ বুজ লৈছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ এন আৰ চি সম্পৰ্কে বিভিন্নজনে কৰা প্ৰশ্নৰ উত্তৰ দি সেইসমূহ স্থানীয় বিষয়ববীয়াসকলক সজাগতা সভা কৰি সহায়-সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে সাংসদ আজমলে ৷

aa

আনহাতে সাংসদ মৌলানা বদৰুদ্দিন আজমল নেতৃত্বত দলৰ ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল হক, দলৰ সাধাৰণ সম্পাদক অধিবক্তা আমিনুল ইছলাম আৰু মানকাচাৰ আৰু দক্ষিণ শালমৰাৰ দলীয় প্ৰতিনিধ সহ চৰকাৰৰ জলসিঞ্চন বিভাগৰ বিষয়া সম্বনিতে এটি সজাতি দলে দক্ষিণ শালমৰা অঞ্চলত বহৰীৰ চৰ, পাটাকাটা, হাজিৰ হাট, টুমনি আদি বিভিন্ন অঞ্চলৰ ব্যাপক হাৰত হোৱা গৰাখহনীয়া অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লয় ৷

এই অঞ্চলসমূহত পি এম জি ৱাই ৰাস্তা, বিদ্যালয়, শ শ গাঁও গড়াখহনীয়াত জাহ যোৱা অঞ্চলবোৰ পৰ্যবেক্ষণ কৰাৰ লগতে এই সম্পৰ্কে চৰকাৰক অৱগত কৰি এই খহনীয়াত সৰ্বস্বান্ত হোৱা সকলক মণ্ডলৰ যোগে চাৰ্ভে কৰি ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাব বুলি জানিবলৈ দিছে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷

aa

লগতে ব্যাপক এই খহনীয়া শীঘ্ৰেই প্ৰতিৰোধ ব্যৱস্থা নকৰিলে হাজাৰ হাজাৰ লোক ক্ষতিৰ সন্মুখীন হোৱাৰ উপৰিও অসমৰ বৃহৎ ভূমি নদীত জাহ যাব বুলি জানিবলৈ দি সাংসদ আজমলে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিবৃতিযোগে আহ্বান জনায় ৷ লগতে স্থানীয় ৰাইজৰ সতে মত বিনিময় কৰি কি পদক্ষেপ ল’ব পাৰি সেই বিষয়েও চৰকাৰী বিষয়াৰ সৈতে পৰ্যালোচনা কৰি শীঘ্ৰে ব্যৱস্থা ল’বলৈ মৌলানা বদৰুদ্দিন আজমলে চৰকাৰক আহ্বান জনায় ৷

Your Comments