দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ওদালগুৰি জিলাত সফল ৰূপায়ণ

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ওদালগুৰি জিলাত সফল ৰূপায়ণ

সমগ্ৰ জিলাখনতে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ লক্ষ‍্যৰে মঙলবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সফলভাৱে তথা উলহ-মালহেৰে চলি থকা পৰিলক্ষিত হয় ওদালগুৰি জিলাত ।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ওদালগুৰি জিলাত সফল ৰূপায়ণ

ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত কলাইগাঁৱৰ নিকটৱৰ্তী বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উলহ-মালহেৰে গুণোৎসৱ ৰূপায়ণ কৰে । দৰঙৰ দুনী মহাবিদ‍্যালয়ৰ প্ৰবক্তা বিপিন শৰ্মা বৰুৱা নিৰীক্ষক হিচাপে আৰু খৈৰাবাৰী শিক্ষা খণ্ডৰ নিৰীক্ষণ তত্ত্বাৱধায়ক কেশৱ দাসে বিদ‍্যালয়খনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, পঠন-লিখন, বিদ‍্যায়তনিক দিশ, শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ৰেকৰ্ডৰ লগতে বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ওদালগুৰি জিলাত সফল ৰূপায়ণ

ইপিনে বিদ‍্যালয়ৰ মূল প্ৰৱেশ দুৱাৰত কলপূলি পুতি আটকধুনীয়াকৈ সজাই তোলে বিদ‍্যালয় পৰিচালনা সমিতি আৰু শিক্ষকসকলে । বিদ‍্যালয় পৰিচালনা সমিতিৰ সভাপতি বাপন চন্দ্ৰ নাথ, প্ৰাক্তন ছাত্ৰ নেতা প্ৰসন্ন বড়া, ফুলেশ্বৰ নাথ আদিকে ধৰি বহুকেইগৰাকী ব‍্যক্তি উপস্থিত থাকে ।

বিদ‍্যালয়খনৰ প্ৰধান শিক্ষক খগেন চন্দ্ৰ নাথৰ অসুস্থতাৰ বাবে ভাৰপ্ৰাপ্ত হিচাপে বেণুধৰ কলিতাই গুণোৎসৱৰ সকলো কাম আগবঢ়োৱাই কয় যে প্ৰথম পৰ্যায়ৰ গুণোৎসৱত ২ নম্বৰৰ বাবে গ্ৰেড এৰ পৰা বঞ্চিত হোৱাত দ্বিতীয় পৰ্যায়ত গ্ৰেড এ দখল কৰিব বুলি তেওঁলোক আশাবাদী ।
 

Your Comments