
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিৰূপ মন্তব্য কৰা বাবা ৰামদেৱৰ শিষ্য যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছিপাঝাৰৰ দুনী আঞ্চলিক ছাত্ৰ সন্থাই ।
সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী ৷ খটৰা সত্ৰ প্ৰাংগণৰ পৰা দিপীলালৈ বাৰাল তথা পতঞ্জলিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
বিক্ষোভৰ অন্তত পাথৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক-প্ৰত্ৰও প্ৰদান কৰে প্ৰতিবাদী দলটোৱে ।
- Log in to post comments
- 3 views