
''দৰঙৰ সুকন্নানি ওজাপালিৰ মহীৰূহ আছিল হাজৰিকাপাৰাৰ প্ৰয়াত থানুৰাম কলিতা ওজা । একালত দৰঙৰ মাৰৈ পূজাথলীত ওজা আৰু তেখেতৰ সুদক্ষ পালিসকলে গোৱা সুকবি নাৰায়ন দেৱৰ পদ্মাপুৰাণৰ সুললিত পদ আৰু দেওধনী নৃত্যৰ পৰিবেশনে এক গভীৰ আলোচনাৰ সৃষ্টি কৰিছিল ।''
এয়া বিশিষ্ট শিক্ষাবিদ, লেখক তৰুণ চন্দ্ৰ শৰ্মাৰ ভাষ্য । বামুণপাৰাত অনুষ্ঠিত মঙলদৈ সাহিত্য চ'ৰাৰ ২৪৩সংখ্য বৈঠকত "মনসা পূজা আৰু সুকন্নানি ওজাপালি'' নামৰ স্বৰচিত গ্ৰন্থখন প্ৰকাশ কৰি শৰ্মাই সুকন্নানি ওজাপালিৰ উপযুক্ত সংৰক্ষণ, অধ্যয়ন নহ'লে ই এদিন লোপ পাব বুলি কয় ।
আজিৰ ওজাপালিয়ে পৰিবেশনৰ সময়ত জাঁপ মাৰে বুলি কৈ প্ৰকৃততে ওজাপালিয়ে জাঁপ নামাৰে বুলি দাবী কৰে । গ্ৰন্থখন উন্মোচন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে । শাৰদীয় বিয়লি গ্ৰন্থখন উন্মোচন কৰি বিধায়ক দাসে কয় যে ইণ্টাৰনেটৰ যুগতো গ্ৰন্থ অধ্যয়নৰ প্ৰতি মানুহৰ আগ্ৰহ কমা নাই ।
বৰঞ্চ গ্ৰন্থৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িছেহে । সুকন্নানি ওজাপালি দৰঙৰ এক সংস্কৃতি বুলি অভিহিত কৰি ইয়াক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিব লাগিব বুলিও কয় । তৰুণ চন্দ্ৰ শৰ্মাৰ ''মনসা পূজা আৰু সুকন্নানি ওজাপালি" গ্ৰন্থখনে নতুন প্ৰজন্মৰ মাজত ওজাপালি সৰ্ম্পকত এক জ্ঞান ভাণ্ডাৰ হৈ পৰিব ।
মঙলদৈ সাহিত্য চ'ৰাৰ সম্পাদক পদ্মেশ্বৰ চহৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিভিন্নজন সাহিত্যিকে গল্প, কবিতা, নিবন্ধ আদি পাঠ কৰে । তেওঁলোকৰ ভিতৰত অনাতাঁৰ শিল্পী মণিকুন্তলা দাসৰ ''নিয়ৰৰ ফুল আৰু তামোল-পাণৰ মহিমা'' নামৰ দুটি কবিতা আৰু নৱ শৰ্মাৰ ''বৃহঙ্গম দৃষ্টিত বামুণপাৰা'' প্ৰবন্ধই সকলোকে আপ্লুত কৰে ।
বৈঠকত সাহিত্যিক পেন্সনাৰ, সংস্কৃত পণ্ডিত মতিদেৱ শৰ্মাশাস্ত্ৰী, ঠগেশ্বৰ বৰুৱা, হৰেশ্বৰ শৰ্মা, অৰুণ বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 26 views