প্ৰথম অসমীয়া বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা

 A

 

 

নিউজ ডেস্ক:
প্ৰথম অসমীয়া বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা আগবঢ়োৱা হৈছে । উল্লেখ্য যে, সোণাৰিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হ'ব এই বঁটা । এক সংবাদমেল যোগে এইবিষয়ে সদৰী কৰিছে টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে ।
টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা । অহা ২৯-৩০ এপ্ৰিলত অনুষ্ঠিত হ'ব বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান । ধীৰা চলিহাই মাত্ৰ ২১ বছৰ বয়সতে অসমৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে ১৯৬১ চনত বৰঝাৰৰ পৰা তেজপুৰলৈ অকলেই উৰা মাৰিছিল । উল্লেখ্য যে সেই সময়ত বিমানবন্দৰত কোনো ৰেডিঅ' সংযোগ নাছিল । 

Your Comments

Related Articles