
উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ দৰং জিলাত বন মাফিয়াৰ দৌৰাত্ম্যৰ বিষয়ে সংবাদ মাধ্যমত ধাৰাবাহিক প্রতিবেদন প্রকাশ পোৱাৰ পিছতেই গা-লৰিছে মঙলদৈৰ খণ্ড বন বিষয়া আৰু কৰ্মচাৰীসকলৰ ৷
বিশেষকৈ উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' চন্দন বৰাৰ তৎপৰতাত মঙলদৈৰ সহকাৰী খণ্ড বন বিষয়া আয়েজ আলীৰ নেতৃত্বত যোৱা এটা দলে যোৱা দুদিনত জিলাখনত অভিযান চলাই ৬টাকৈ অবৈধ কাঠফলা মেচিন আৰু এখন চোৰাং কাঠভৰ্তি ট্রাক জব্দ কৰিবলৈ সক্ষম হয় ।
জিলা বন বিভাগৰ এক সূত্রে জানিব পৰামতে, জিলাখনৰ হলৌচৌকাৰ গৰিয়াপাৰা গাঁৱৰ পৰা এটা, দলগাঁৱৰ দৈপামৰ পৰা এটা, শিলবড়ীৰ কপাটী গাঁৱৰ পৰা দুটা, বটাবাৰীৰ পৰা এটা আৰু ভকতপাৰাৰ পিনবাৰীৰ পৰা এটা কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ।
একেদৰে অবৈধভাৱে সৰবৰাহ কৰা মূল্যৱান খয়েৰ গছৰ কাঠ কঢ়িওৱা আৰ জে-০৭ জি ডি-৪৬৯৩ নম্বৰৰ ট্ৰাক এখনো বন বিভাগে জব্দ কৰে । আনহাতে, হঠাৎ সক্ৰিয় হৈ পৰা বিভাগটোৰ মঙলদৈ খণ্ডৰ কৰ্মচাৰীসকলে অবৈধভাৱে অতিৰিক্ত বালি কঢ়িওৱা এ এছ-০১ বি চি-৮৮৩৫, এ এছ-২৫ বি চি-১৮৩০, এ এছ-১২ চি-৭২২২, এ এছ-০১ ১৭৩২, এ এছ-০১ এফ চি-০০৭৫, এ এছ-২৭ চি-০৭১৬, এ এছ-০১ বি চি-৮৮৭৩, এ এছ-২৫ চি-৬২২৩ আৰু এ এছ-১১ বি ডি-২৪২১ নম্বৰৰ বালিভৰ্তি ৯খন ট্ৰাকৰ লগতে দুখন ট্ৰেক্টৰো জব্দ কৰে ।
মঙলদৈৰ খণ্ড বন বিষয়া খগেন ভড়ালীৰ পৰা জানিব পৰামতে, বন আইন অনুসৰি ১ লাখ ৪ হাজাৰ ১৮ টকাকৈ জৰিমনা বিহি মুঠ ৯,৩৬,১৬২ টকা ৰাজহ কেৱল বালিভৰ্তি ট্ৰাকৰ পৰাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । আনহাতে, দুখন ট্ৰেক্টৰৰ পৰা ১,০০,২৫৮ টকাকৈ মুঠ ২,০০,৫১৬ টকা জৰিমনা সংগ্ৰহ কৰিছে ।
জিলাখনৰ বনকৰ্মীসকল এনেদৰে তৎপৰ হ'লে বন মাফিয়াৰ দৌৰাত্ম্য অচিৰেই ৰোধ কৰিব পৰা যাব বুলি সচেতন মহলে মত পোষণ কৰিছে ।
- Log in to post comments
- 11 views