মুখ্য মন্ত্ৰীয়ে অনুৰাধা ছবিগৃহত উপভোগ কৰিলে ভিলেজ ৰকষ্টাৰ্ছ

মুখ্য মন্ত্ৰীয়ে অনুৰাধা ছবিগৃহত উপভোগ কৰিলে ভিলেজ ৰকষ্টাৰ্ছ

অসমীয়া কথাছবিৰ ৮৩ বছৰীয়া বৰ্ণিল যাত্ৰাত শেষতীয়াভাৱে অস্কাৰৰ দৌৰত স্থান লাভ কৰি সমগ্ৰ দেশৰ লগতে অসম আৰু অসমীয়াৰ নাম বিশ্বৰ বুকুত খোদিত কৰিবলৈ সক্ষম হোৱা "ভিলেজ ৰকষ্টাৰ্ছ" বুধবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত সন্ধিয়া ৮.১৫ বজাত উপভোগ কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ইতিমধ্যে ছবিগৃহত দর্শকৰ বিপুল সমাদৰ লাভ কৰা ছবিখন উপভোগ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কৈশোৰৰ সোণালী দিনবোৰলৈ উভতি যোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে । লগতে মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ছবিখনে গাঁৱৰ সহজ-সৰল আৰু বাস্তৱ দিশটোক দাঙি ধৰাত সম্পূৰ্ণ সফল হৈছে ।

মুখ্য মন্ত্ৰীয়ে অনুৰাধা ছবিগৃহত উপভোগ কৰিলে ভিলেজ ৰকষ্টাৰ্ছ

লগতে তেওঁ ৰিমা দাস আৰু ৰকষ্টাৰ্ছ টীমক শুভেচ্ছা জনায় এখন ধুনীয়া ছবি উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে । মুখ্য মন্ত্ৰীৰ সৈতে ছবিখন উপভোগ কৰে বিধায়ক প্ৰশান্ত ফুকন, মন্ত্ৰী তপন গগৈ প্ৰমুখ্যে আৰু কেইবাজনো বিষয়াই ।

আনহাতে, বেলতলা কাৰনিভেল ছবিগৃহত ছবিখন উপভোগ কৰে দৌৰ ৰাণী হিমা দাসে । হিমাৰ লগত ছবিখন উপভোগ কৰে প্ৰশিক্ষক নিপন দাসে । সেই একেটা ছবিগৃহতে একে সময়তে ছবিখন উপভোগ কৰে বিজেপি সভাপতি ৰঞ্জিত দাস আৰু বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়েও ।

ছবিখন উপভোগ কৰি দুয়োগৰাকী নেতাই প্ৰয়োজনত ৰিমা দাসক এমাহৰ দৰমহা দিব বুলি মন্তব্য কৰে । একেদৰে ৰিমা দাসৰ ছবিখন উপভোগ কৰি দৌৰ ৰাণী হিমা দাসে আশাবাদী বুলি মন্তব্য কৰে ।

মুঠৰ ওপৰত ছবিখন চোৱাৰ বাবে এতিয়া ভি আই পি আৰু ভি ভি আই পিৰ ঢল বৈছে ছবিগৃহলৈ । ই অসমীয়া ছবিৰ বাবে নিশ্চয় এক শুভ লক্ষণ ।
 

Your Comments