পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জ্যেষ্ঠ সাংবাদিক শ্বাহ আলম আহমেদ

 A

নিউজ ডেস্ক:
নলবাৰীৰ ভুনকুছি-খাতা গুৱাকুছিত এক পথদুৰ্ঘটনাত কালি গুৰুতৰভাৱে আহত 'নিয়মীয়া বাৰ্তা' বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক,সাহিত্যিক, নলবাৰী সাহিত্যি সভাৰ সহকাৰী সম্পাদক তথা অসম টাইমৰ বাৰ্তা সম্পাদক শ্বাহ আলাম আহমেদ।
নলবাৰী চহৰৰ পৰা বাতৰি সংগ্ৰহ কৰি ঘগ্ৰাপাৰৰ -গুৱাকুছি গাঁৱৰ  ঘৰলৈ গৈ থকা সময়তে পুৱা ৮-৩০ বজাত পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিকগৰাকী ।
আহিনপুৰ -খাতাগুৱাকুছি  সংযোগীৰ মাজভাগৰ মুকলি ঠাইত  সংঘটিত এই পথ দূৰ্ঘটনাত হেলমেট পৰিধান কৰাৰ বাবে সাংবাদিকগৰাকীয়ে মূৰত আঘাত পোৱাৰ পৰা ৰক্ষা পৰে যদিও এটি দ' খালত চিটিকি পৰাত  তেওঁৰ এখন ভৰি ভগাৰ আশংকাৰ কৰাৰ লগতে বুকু আৰু হাতত যথেষ্ট আঘাত পাইছে।তেওঁৰ নিজৰ বাইকখনেৰে গৈ থকা সময়তে বিধ্বস্ত পথৰ বাবে উক্তস্থানত নিয়ন্ত্ৰণ হেৰুৱাই সাংবাদিকগৰাকীক পতিত হয়।স্থানীয় ৰাইজে উদ্ধাৰ কৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে।
সাংবাদিকগৰাকীৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতেই চিকিৎসালয়লৈ গৈ উপস্থিত হৈছেগৈ অসম টাইমৰ মুখ্য সম্পাদক সম্পাদক মহিবৰ ৰহমানকে ধৰি জিলাখনৰ কেবাগৰাকী সংবাদকৰ্মী ।কালি পুৱা ভাগত পথ দুৰ্ঘটনাত আহত হোৱা সাংবাদিকগৰাকীক ইতিমধ্যে চিকিৎসকে চিকিৎসাৰ ব্যৱস্থা কৰিছে।

Your Comments