কপৌফুল বিক্ৰীৰে ৫০হাজাৰ টকা উপাৰ্জনৰ লক্ষ্য যোৰহাটৰ মিঠু গগৈৰ

 A

 

নিউজ ডেস্ক:

বিহু যেনেকৈ অসমীয়াৰ আবেগ ;কপৌ ফুলো তেনেকৈ প্ৰতিগৰাকী অসমীয়াৰ আবেগ ৷এই কপৌফুল বিক্ৰী কৰিয়েই  এইবাৰ বিহুত ৫০ হাজাৰ টকা উপাৰ্জনৰ লক্ষ্য লৈছে যোৰহাটৰ মিঠু গগৈ নামৰ এজন ব্যক্তিয়ে ৷উল্লেখ্য যে, ১৪ এপ্ৰিলত বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ অনুষ্ঠানত ১০০০ পাহ কপৌফুল নাচনীক যোগান ধৰিব মিঠু গগৈয়ে। উদ্যোক্তা সমিতিয়ে ৫০ টকাত এপাহকৈ কপৌ ফুল ক্ৰয় কৰিব মিঠু গগৈৰ পৰা । তেওঁ জানিবলৈ দিয়া মতে, ১০০০ পাহ কপৌফুল বিক্ৰী কৰি তেওঁ এইবাৰ ৫০ হাজাৰ টকা উপাৰ্জন কৰিব। ১৪ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখিয়ে এতিয়া মিঠু গগৈয়ে ব্যস্ত হৈ পৰিছে কপৌফুল সংগ্ৰহত। 

Your Comments