ঘগ্ৰাপাৰৰ ধুৰকুছিত সিদ্ধি শৰ্মা হাইস্কুলৰ ভূমিদাঁতা প্ৰয়াত গোপেশ্বৰ গোস্বামীৰ আৱক্ষ মূৰ্ত্তি উন্মোচন-মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

 A

 


নিউজ ডেস্ক:

"আমি ভাবিব নালাগে যে ৰাজনৈতিক পৰিৱৰ্তন হ'লে সকলো সমস্যা সমাধান হ'ব।"এই মন্তব্য সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ।আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ ধুৰকুছিস্থিত সিদ্ধিশৰ্মা হাইস্কুলৰ ভুমিদাঁতা তথা সমাজসেৱক প্ৰয়াত গোপেশ্বৰ গোস্বামীৰ স্মৃতি ৰক্ষাৰ্থে এটি আৱক্ষ মুৰ্ত্তি সিদ্ধিশৰ্মা হাইস্কুল চৌহদত পৰিয়ালৰ সহাযোগত উন্মোচন কৰা হয়। আৱক্ষ মুৰ্ত্তিটো উন্মোচন কৰা অনুষ্ঠানৰ সৈতে এখন পুস্তিকা উন্মোচন কৰা হয়।পুস্তিকাখন উন্মোচন কৰি সাংসদ দিলীপ শইকীয়াই  নিজৰ ভাষণত কয় যে ৰাজনৈতিক পৰিৱৰ্তন এটা মাধ্যম বুলি উল্লেখ কৰি সু-শাসন প্ৰদানৰ জৰিয়তে সমাজখনক শক্তিশালী কৰিব লাগিব। সমাজখনৰ আশা আকাংক্ষাবোৰ আমি বাস্তৱিত কৰিব পাৰোঁ। কিন্তু সামগ্ৰিকভাৱে যদি সমাজখনক আগবঢ়াই নিব লাগে তেতিয়া হ'লে সমাজৰ এনেকুৱা সমাজ হৈতিষী,কৰ্ম উদ‍্যমীব‍্যক্তিক আমি নিৰ্মাণ বা সৃষ্টি কৰিব লাগিব। লগতে সাংসদগৰাকীয়ে প্ৰয়াত গোপেশ্বৰ গোস্বামীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনোৱাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুষ্ঠান সমুহৰ পৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান পোৱাৰ বাবে শিক্ষক সমাজক শৈক্ষিক দিশত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানৰ পুৰ্বে স্বচ্ছ অভিযান, গছ-পুলি ৰোপণৰ পিছতে সিদ্ধিশৰ্মা হাইস্কুলৰ ভূমিদাঁতা প্ৰয়াত গোপেশ্বৰ গোস্বামীৰ আৱক্ষ মুৰ্ত্তি উন্মোচন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী গৰাকীয়ে আৱক্ষ মুৰ্ত্তিটো উন্মোচন কৰি ভাষণত কয় যে প্ৰয়াত  গোপেশ্বৰ গোস্বামী আছিল সমাজৰ বাবে এজন আদৰ্শ পুৰুষ।তেওঁৰ আদৰ্শৰে নতুন প্ৰজন্মই যদি আগবঢ়া যায় তেতিয়া হ'লে সমাজখন আৰু দুগুণ আগবাঢ়িব বুলি মন্তব্য কৰি নতুন প্ৰজন্মক গোস্বামীৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এটা সময় আছিল  শিক্ষাৰ ক্ষেত্ৰত ৰাজনীতি চলিছিল কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে শিক্ষা ক্ষেত্ৰত গুণগত শিক্ষা অথবা মেধা সম্পন্ন শিক্ষক নিযুক্তিৰ বাবে শিক্ষা ব‍্যৱস্তাতো পুৰ্বৰ তুলনাত অধিক উন্নতি হৈছে বুলি উল্লেখ কৰি আন্তঃগাঠনি চৰকাৰে বনাব পাৰে কিন্তু শিক্ষানুষ্ঠান এখন সঞ্জীৱ কৰি তুলিবলৈ হলে বিদ্যালয়ৰ পৰিয়াল বৰ্গ,পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজহে সজীৱ কৰি তুলিব পাৰিব বুলি মন্তব্য কৰে। অৱৰপ্ৰাপ্ত শিক্ষাবিদ বীৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কাৰ্তিক শৰ্মাই। বিদ্যালয়খনৰ সহশিক্ষক ভৱেশ চন্দ্ৰ শৰ্মাই আঁত ধৰা সভাখনত নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক তথা  শিক্ষাবিদ ড০ দীনমণি ভাগৱতীয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণত সিদ্ধি শৰ্মা হাইস্কুলৰ ইতিহাস বিশদভাৱে বহলাই ব্যাখ্যা কৰা উপৰিও প্ৰয়াত গোপেশ্বৰ গোস্বামী অঞ্চলটোৰ বাবে এগৰাকী আদৰ্শ ব‍্যক্তিয়ে নহয় এটা অনুষ্ঠান আছিল। শিক্ষাবিদ গৰাকীয়ে নিজৰ ভাষণত কয় যে বৰ্তমান সমাজত যিয়ে নিজৰ পিতৃ-মাতৃ অথবা নিজৰ সমাজখন চিনি নাপায়, কেৱল নিজৰ কাৰণে কৰি যায় সেই ব‍্যক্তিক কোনোৱে স্বীকৃতি নিদিয়ে বুলি ব্যক্ত কৰে ।তেওঁ লগতে প্ৰয়াত গোস্বামীয়ে সমাজৰ হিতৰ বাবে বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত  ভুমি দান কৰায়ে নহয় অনেক কাম কৰা বাবে আজি তেওঁক এইদৰে সকলোৱে সুঁৱৰিছে বুলি সদৰী কৰে। 

Your Comments