ৰাষ্ট্ৰপতি- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ তৎপৰ ৰাজ্য প্ৰশাসন

A

 

নিউজ ডেস্ক:
দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য প্ৰশাসন।ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিততে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত ড্ৰ’ন উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।বুধবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰি মহানগৰ জিলাত ড্ৰ’ন উৰণ নিষিদ্ধ এলাকা ঘোষণা কৰে।দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ ড্ৰ’ন উৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Your Comments