ঘগ্ৰাপাৰত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশোধীকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ আচঁনিৰ অধীনত সজাগতা অনুষ্ঠান

 A

নিউজ ডেস্ক:

নলবাৰী জিলা উদ্যোগ আৰু বানিজ‍্য কেন্দ্ৰৰ উদ‍্যোগত আৰু  অসম উদ্যোগিক বিকাশ নিগম নলবাৰীৰ সহযোগত আজি ঘগ্ৰাপাৰৰ  হৰিমন্দিৰত  প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশোধীকৰণ উদ‍্যোগৰ বিধিকৰণ আঁচনিৰ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। 
আজি দুপৰীয়া নলবাৰী জিলা উদ‍্যোগ আৰু বানিজ‍্য কেন্দ্ৰৰ পৰিচালক মোহাক্ষি দত্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত জিলা পশু চিকিৎসা বিষয়া প্ৰতুল তালুকদাৰ, কৃষি বিষয়া কবিতা কোঁৱৰ, এল ডি এম  চাৰভেশ ভিপায়ন্ট,বিজেপিৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, যুৱ ব‍্যৱসায়ী ভ্ৰমৰ মজুমদাৰ আদিয়ে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশোধীকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ আচঁনিৰ বিষয়ে সবিশেষ তথ্য দাঙি ধৰাৰ লগতে এই আচঁনিৰ লাভালাভ তথা আবেদন প্ৰক্ৰিয়া সন্দৰ্ভত বিষদভাবে উল্লেখ কৰে।বিজেপি নেতা ডিম্বেশ্বৰ বেজবৰুৱাই নিজৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সপোনৰ আঁচনিৰ PMFME জৰিয়তে নিবনুৱাসকলক খাদ্য প্ৰক্ৰিয়াকৰণত ক্ষুদ্ৰ উদ‍্যোগ স্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলি মন্তব্য কৰে।
জিলা উদ‍্যোগ পৰিচালক মোহাক্ষি দত্ত হাজৰিকাই  পি.এম.এফ.এম.ই আচঁনিৰ অধীনত প্ৰস্তাৱিত বিভিন্ন উদ্যোগে ইতিমধ্যে অনুমোদন পোৱাৰ কথা উল্লেখ কৰি গ্ৰাম্যঞ্চলৰ যুৱক -যুৱতী সকলে এই আঁচনিত জৰিয়ত হৈ স্বাৱলম্বী হ’ব পাৰিব বুলি সদৰী কৰে।লগতে পৰিচালকগৰাকীয়ে এই আঁচনিৰ বাবে চৰকাৰে গাঁৱে -ভূঞে সজাগতা আনি নিবনুৱা যুৱক-যুৱতীক আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াৰ সপোন ৰচিছে বুলিও মন্তব্য কৰে। সভাখনত বৃহত্তৰ অঞ্চলটোৰ তিনি শতাধিক যুৱক-যুৱতী নিৱনুৱাই অংশগ্ৰহণ কৰে।

Your Comments