নিউজ ডেস্ক:
এইবাৰ চৰকাৰী প্ৰতাৰনাৰ বলি অসম আন্দোলনৰ লগত সক্ৰিয় ভাবে জৰিত একাংশ নিৰ্যাতিত। অসম চৰকাৰৰ চুক্তি ৰূপায়ন বিভাগৰ দ্বাৰা একাংশ বাতৰি কাকতত প্ৰকাশিত অসম আন্দোলনত বিশেষভাৱে আঘাতপ্ৰাপ্ত লোকৰ এখন তালিকা প্ৰকাশ পোৱাৰ পিছতে পোহৰলৈ আহিছে এই কথা।
উল্লেখ্য যে, ছয় বছৰীয়া অসম আন্দোলনত বহু আন্দোলনকাৰী কাৰাৰূদ্ধ হোৱাৰ লগতে আৰক্ষী চি আৰ পি এফৰ হাতত নিৰ্যাতন খাই গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল। স্থায়ীভাবে পংগুত্বৰ চিন মোকাম নাথাকিলেও বহু আন্দোলনকাৰীয়ে এতিয়াও শৰীৰত অত্যন্ত বিষ বেদনা লৈয়ে দিনকাল অতিবাহিত কৰিব লগা হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে অসম চুক্তি ৰূপায়ণ বিভাগৰ দ্বাৰা আজি প্ৰকাশিত এককালীন সাহায্যৰ তালিকাত এনে একাংশ লোকৰ কোনো নাম গোন্ধেই নাই।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ নাউধন ডেকা নামৰ ব্যক্তি গৰাকীয়ে অসম আন্দোলনত আৰক্ষী চি আৰ পি এফ ৰ মাৰধৰ খাই গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও ১৯৮০ চনত ১৫ দিন নলবাৰী কাৰাগাৰত কাৰাৰূদ্ধ হৈ থাকিব লগীয়া হৈছিল। অসম আন্দোলনৰ নিৰ্যাতিতৰ প্ৰমাণ পত্ৰও আছে এইগৰাকী লোকৰ।আছে অগপকে ধৰি বহু দল সংগঠনৰ সম্বৰ্ধনা পত্ৰও।
বৰ্তমান শৰীৰত বিষ বেদনা লৈয়ে দৰিদ্ৰতাৰে সৈতে যুঁজ দি দিন অতিবাহিত কৰিব লগা হৈছে এই গৰাকী নিৰ্যাতিতই। চৰকাৰৰ উপৰিও নিৰ্যাতিত সকলৰ সংগঠনৰ ওচৰতো আবেদন নিবেদন কৰি ভাগৰি পৰা নাউধন ডেকা এতিয়াও চৰকাৰৰ অনুগ্ৰহলৈ বাট চাই থাকিব লগীয়াত পৰিছে। চৰকাৰে যদিও অসম আন্দোলনত আঘাতপ্ৰাপ্ত লোকসকলৰ তালিকা প্ৰকাশ কৰিছে সেই তালিকাত দেখা গৈছে বিশেষ একো স্থায়ী আঘাত নথকা বহু লোকৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। বিপৰীতে নাউধন ডেকাৰ দৰে আৰক্ষী চি আৰ পি এফৰ মাৰধৰ খাই জীৱনলৈ শৰীৰত বিষ বেদনা লৈ দিন পাৰ কৰা প্ৰকৃত নিৰ্যাতিত সকলৰ প্ৰতি চৰকাৰ সদয় হব বুলিয়েই নিৰ্যাতন বলি নাউধন ডেকাৰ দৰে বহুজন আজিও আশাবাদী।ডেকা বিগত ১৫ বছৰ ধৰি চৰকাৰীভাৱে অথবা সতীৰ্থৰ দ্বাৰা উপেক্ষিত হোৱাত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল-সংগঠনৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে জাঙুৰ খাই উঠিছে।ডেকাৰ একালৰ ঘনিষ্ঠ তথা অসম মন্ত্ৰীসভাৰ অন্যতম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিজেপি -অগপৰ মিত্ৰজোঁট চৰকাৰে ডেকাৰ পৰিয়ালটোক জীয়াই থকাৰ পথ এটি দিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।
- Log in to post comments
- 43 views