নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন

 A

নিউজ ডেস্ক:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজখন আজি সন্ধিয়া মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে।লগতে মন্ত্ৰী গৰাকীয়ে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। মন্ত্ৰী মহন্তই পৰিদৰ্শনৰ পাছতে বৰ্হি বিভাগ, চিকিৎসালয় ব্লক, শৈক্ষিক ভৱন, ছাত্ৰ আৰু ছাত্ৰী আৱাস, আৱাসিক চিকিৎসকৰ আৱাস আদিৰ বিষয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হয়। লগতে মন্ত্ৰী গৰাকীয়ে দ্ৰুততাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী সংস্থাক নিৰ্দেশ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই এই চিকিৎসা মহাবিদ্যালয়খনত এমবিবিএছৰ পাঠ্যক্ৰম শুভাৰম্ভ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)ৰ পৰা প্ৰয়োজনীয় অনুমোদন আহৰণৰ বাবেও ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি সদৰী কৰে।
 

Your Comments