ঘগ্ৰাপাৰত মহিলা মৰ্চাৰ দ্বিতীয়খন কার্যনির্বাহক সভা সম্পন্ন

A


নিউজ ডেস্ক:
 ভাৰতীয় জনতা পার্টীৰ নলবাৰী জিলা মহিলা মৰ্চাৰ অন্তৰ্গত বড়িগোগ বনভাগ মহিলা মৰ্চাৰ  দ্বিতীয়খন  কার্যনির্বাহক সভা আজি ঘগ্ৰাপাৰস্থিত বিজেপিৰ মণ্ডল কাৰ্যলয়ত অনুষ্ঠিত কৰা হয়। বিজেপিৰ বড়িগোগ বনভাগ মহিলা মৰ্চাৰ সভানেত্ৰী মণিকা ভৰালীয়ে সঞ্চালনা কৰা সভাত মহিলা কার্যকর্তাসকলক সম্বােধি সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ  শইকীয়াই ভাষণত কয় যে, ভাৰতীয় জনতা পার্টীক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলা শক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । যিকোনাে কাম সমাজত সুস্থিৰভাৱে সম্ভৱ কৰি তুলিবলৈ হ'লে মহিলাসকলে অগ্রণী ভূমিকা গ্রহণ কৰিব লাগিব । এই কাম যুগে যুগে মহিলাই কৰি আহিছে । অসমত বিজেপি চৰকাৰ গঠন প্রক্রিয়াত মহিলা কার্যকর্তাসকলৰ উল্লেখযােগ্য ভূমিকা আছে । আগন্তুক পঞ্চায়ত  নির্বাচনত মহিলা কর্মকর্তাসকলে চৰকাৰ পুনৰ গঠন কৰাৰ বাবে মুখ্য ভূমিকা গ্রহণ কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
সাংসদ গৰাকীয়ে লগতে কয় যে, পুৰুষ-মহিলা উভয়ে ৰাষ্ট্র নির্মাণত সমর্পিত মনােভাৱেৰে কাম কৰি আহিছে । ভাৰতবৰ্ষত পাঁচ হাজাৰ বছৰীয়া সিন্ধু সভ্যতা, সংস্কৃতিৰ পৰম্পৰা আৰু মূল্যবােধ আছে এই মূল্যবােধে আমাক শিক্ষা প্রদান কৰি আহিছে । অসমক আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ'লে মহিলাসকলে বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব। অসমত এনে এখন চৰকাৰ লাগে যিয়ে সমন্বয় আৰু বিকাশ, ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিব পাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ছয় বছৰীয়া শাসন কালত অসাধ্য সাধন কৰিছে যাৰ ফলত ৰাষ্ট্রৰ পৰিৱর্তন সম্ভৱ হৈ উঠিছে । প্রধানমন্ত্রীয়ে সমগ্ৰ ৰাষ্ট্ৰৰে সম উন্নয়ন আৰু সকলােকে সম মর্যাদা দি কাম কৰি আহিছে। ডিজিটেল ব্যৱস্থাৰে প্রতিগৰাকী হিতাধিকাৰীলৈ ধন প্রদান, মহিলা সৱলীকৰণ, বৃদ্ধ-বৃদ্ধা, বিধৱা, দিব্যাংগ, যুৱক-যুৱতী, খেতিয়ক, শ্রমিক ইত্যাদি সকলােৱে উপকৃত হ’ব পৰাকৈ কাম কৰি আহিছে। এই পৰিৱর্তন ভাৰতীয় জনসাধাৰণে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে । প্রধানমন্ত্রীয়ে মূল্যবােধৰ আধাৰত গণতন্ত্রক শক্তিশালী কৰিবলৈ কাম কৰি অহা বাবে জনসাধাৰণৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে। প্রধানমন্ত্রীৰ আদৰ্শৰে ৰাজ্য চৰকাৰেও সকলােৰে সমবিকাশ আৰু সম মর্যাদাক গুৰুত্ব দি সমন্বয়ৰ মাধ্যমৰে অসমক আগুৱাই নিয়াৰ যাত্ৰাত অগ্ৰসৰ হৈছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে।ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই ভাষণত কয় যে, উন্নয়নমূলক যিবােৰ আঁচনি গ্ৰহণ কৰা হৈছে তাক সফল ৰূপত ৰূপায়ণ কৰা হৈছে। বিনামূলীয়া ৰন্ধন গেছ যােগান আঁচনিৰ জৰিয়তে মহিলাসকল উপকৃত হ’বলৈ সক্ষম হৈছে। ইয়াৰ ফলত পৰিৱেশ সংৰক্ষণতাে ইতিবাচক প্রভাৱ পৰিছে। সেউজীয়া বাতাবৰণ জীয়াই ৰখাৰ এক বাতাবৰণৰ সূচনা হ’ল। ৰাজ্যখনৰ কৃষিখণ্ডত আজি নৱ প্ৰজন্মই সফলতাৰ বাট বিচাৰি পাবলৈ সক্ষম হৈছে । কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডত উৎপাদন বৃদ্ধি পাইছে কাজিৰঙাত গঁড়, মানহত বাঘৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি নেতা গৰাকীয়ে নিজৰ ভাষণত কয় যে, এনেধৰণে অসমৰ বুকুতে বহু সফলতাৰ কাহিনীৰ সৃষ্টি হৈছে। মহিলা মৰ্চাই সমগ্ৰ অসমতে সক্রিয়তা প্রদর্শন কৰি আহিছে বুলি মন্তব্য কৰে।সভাত নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মাধৱী ৰাজবংশী,মহিলা মৰ্চাৰ জিলা প্ৰভাৰী ৰীতা দত্ত,,বিজেপিৰ জিলা সামাজিক মাধ্যমৰ আহ্বায়ক পাৰ্থ প্ৰতীম তালুকদাৰ,জিলা বিজেপিৰ সম্পাদক নন্দলাল চৰকাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সাধাৰণ সম্পাদক মনোজ ডেকা, সম্পাদক মৃগেন শৰ্মা আদিয়ে ভাষণ দিয়ে।মণ্ডল মহিলা মৰ্চাৰ সম্পাদিকা ৰুমী শীলে আঁত ধৰা সভাখনত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয়।

Your Comments