গুৱাহাটীত পুৱাই পানী টেংকাৰৰ খুন্দাত নিহত এজন

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা।পানী টেংকাৰৰ দৌৰাত্ম্যত পুৱাই নিহত এজন।টেংকাৰৰ খুন্দাত মৃত্যু হোৱা লোকজন এপ'ল হাস্পতালৰ কৰ্মচাৰী আছিল। নিহত লোকজনৰ নাম  দ্বিজেন বৈশ্য।চিটি চেণ্টাৰলৈ পানী কঢ়িয়াই নিছিল দুৰ্ঘটনা সংঘটিত টেংকাৰ বাহনখনে।জু-ৰোডৰ চিটি চেণ্টাৰৰ সন্মুখতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।পানী ভৰ্তি টেংকাৰখন লোকজনৰ গাৰ ওপৰেৰে উঠি যায়।থিতাতে নিহত হয় লোকজন।
উল্লেখ্য যে টেংকাৰখনৰ চালক গৰাকী সুৰামত্ত অৱস্থাত আছিল।টেংকাৰখনৰ চালক গৰাকী মুকবিৰ তামাং।প্ৰত্যক্ষদৰ্শীয়ে উত্তম-মধ্যম সোধায় সুৰামত্ত চালক গৰাকীক।টেংকাৰখনৰ নম্বৰ এএছ ০১এম-১২৫১।
 নিহত দ্বিজেন বৈশ্যৰ ঘৰ নলবাৰীত।

Your Comments