মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত চচলত কৃষক মুক্তি অৱস্থান ধৰ্মঘট

A

নিউজ ডেস্ক:

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্রাম সমিতিৰ অৱস্থান ধৰ্মঘট।নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য হ্রাসৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

মূল্যবৃদ্ধি ৰোধ কৰক, দৰিদ্ৰ জনতাক শোষণ কৰা অসম চৰকাৰ হায় হায়, মধ্যভোগীক নাকী লগাওক, বিজেপি গৌ বেক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে অৱস্থান ধৰ্মঘট স্থলীত।

কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতা, ছাত্ৰ মুক্তিৰ প্ৰাঞ্জল কলিতা, আকাশ দলে প্ৰমুখ্যে প্ৰায় সংগঠনটোৰ শতাধিক কর্মীয়ে এই অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, বজাৰত লাগিছে জুই, যোগান বিভাগ আছে শুই আদি প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।

Your Comments