ঘগ্ৰাপাৰত মূল‍্য বৃদ্ধিৰ প্ৰতিবাদত চি পি এম ৰ পথসভা

A

নিউজ ডেস্ক:

চি পি আই এমৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ‍্যোগত আজি সন্ধিয়া ঘগ্ৰাপাৰত এখন পথ সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ ৰেল ষ্টেচন পথত অনুষ্ঠিত পথসভাখনত চি পি আই এম নেতা ৰবীন মিশ্ৰই অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ -ৰাজ‍্য চৰকাৰ দুখনক ক্ষুৰধাৰ সমালোচনা কৰে।নিজ ভাষণত তেওঁ নিত্যব্যৱহাৰ্য্য সামগ্ৰী সমূহৰ অবিৰত মূল্য বৃদ্ধিৰ ফলত ৰাইজৰ জীৱন- জীৱিকা ভয়ানক সংকটৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি  ক'ভিড মহামাৰীৰ বাবে ৰাইজৰ স্বাস্থ্য আৰু  জীৱন জীৱিকাৰ বাবে সংকট কঢ়িয়াই অনাৰ সময়তে  কেন্দ্ৰৰ মোডী চৰকাৰে দুৰ্দশাগ্ৰস্ত ৰাইজক সকাহ দিবলৈ কোনো জনমুখী নীতি গ্ৰহণ কৰা  নাই বুলি মন্তব্য কৰে। বৰং অসমকে ধৰি দেশৰ পাচঁ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল জাত সামগ্ৰীৰ কমেও ২৮ বাৰ মূল্য বৃদ্ধি ঘটালে বুলিহে নেতাগৰাকীয়ে আঙুলিয়াই দিয়ে।আনহাতে ইয়াৰ প্ৰভাৱ সকলো বয়বস্তুৰ ওপৰত পৰা বুলি পুনৰ দোহাৰি দেশৰ  পাইকাৰী মূল্য সূচক এবছৰত  সৰ্বাধিক বৃদ্ধি হোৱা বুলিও মন্তব্য কৰে। ভাষণ প্ৰংসগত নেতাগৰাকীয়ে  যোৱা এপ্ৰিল মাহত খাদ্য সামগ্ৰীৰ মূল্য প্ৰায় পাচঁ শতাংশ বৃদ্ধি হৈ বৰ্তমান  ইয়াৰ হাৰ ৩৪ শতাংশ লৈ বৃদ্ধি হোৱা মন্তব্য কৰে।ফলত আকাশলংঘী মূল্য বৃদ্ধি এতিয়াও উৰ্ধমুখী হৈয়ে আছে বুলি তেওঁ মন্তব্য কৰে। বৰ্ষীয়ান চি পি আই এম নেতাগৰাকীয়ে ভাষণত সম্প্ৰতি ভ্ৰষ্টাচাৰী  চৰকাৰ দুখনৰ বিৰুদ্ধে যাতে যূৱ সমাজে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিখন পঞ্চায়তে পঞ্চায়তে একোখন মদৰ দোকান খুলি দিয়া বুলি তেওঁ মন্তব্য কৰে।উক্ত পথসভাত চি পি আই এমৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সনাতন বৈশ‍্যৰ লগতে অৰ্ধশতাধিক দলীয় সদস্যই অংশগ্ৰহণ কৰে।পথ সভাৰ অন্তত চি পি আই এমৰ সদস্যসকলে এক প্ৰতিবাদী সমদলো উলিয়াই।প্ৰতিবাদীসকলে হাতে হাতে দলীয় পতাকা লৈ ঘগ্ৰাপাৰৰ  বিভিন্ন পথেৰে গৈ কেন্দ্ৰ আৰু ৰাজ‍্য চৰকাৰ হুচিয়াৰ,নিত্যব‍্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য ৰোধ কৰক,পেট্ৰ'ল জাত সামগ্ৰীৰ মুল‍্য বৃদ্ধি হৈছে কিয় জবাব লাগে জবাব দিয়ক আদি শ্ল'গান দি ঘগ্ৰাপাৰ উত্তাল  কৰি তোলে।

Your Comments