মূল্যহ্ৰাসৰ এদিন পাছতে আজি পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

A

নিউজ ডেস্ক:


ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ মূল্যহ্ৰাস কৰাৰ এদিনৰ পাছতে পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰ'লত ৩৪ পইচা আৰু ডিজেলত ২৪ পইচা বৃদ্ধি।শনিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯৪.৯৭টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৮১.৫৭টকা।উল্লেখ্য যে দিপাৱলীৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দুয়োবিধ ইন্ধনত হ্ৰাস কৰিছিল আৱকাৰী শুল্ক।কেন্দ্ৰীয় চৰকাৰে কৰ হ্ৰাস কৰা ঘোষণাৰ পাছতে অসম চৰকাৰেও হ্ৰাস কৰিছিল।সেই মৰ্মে কেন্দ্ৰ-ৰাজ্য মিলি ১২টকা পেট্ৰ'লত ,১৭টকা ডিজেলত হ্ৰাস কৰিছিল।

Your Comments