মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত এজেপি গণ-বিক্ষোভ: আৰক্ষীৰে হতা-হতি, মুখেৰে তেজ ওলাল প্ৰতিবাদকাৰীৰ

A

নিউজ ডেস্ক:


‘মূল্য বৃদ্ধি ৰোধ কৰক, নহ'লে গাদী এৰি দিয়ক' -এই শ্লোগানেৰে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদে৷পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দলৰ সহস্ৰাধিক কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ টিচি পইন্টৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰে।পদ যাত্ৰাত চাৰিবাৰকৈ আৰক্ষীয়ে স্থাপন কৰা বেৰিকেট ওফৰাই আগবাঢ়ে প্ৰতিবাদকাৰী আৰু ৰাজভৱনৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷উল্লেখ্য যে পদযাত্ৰাত প্ৰতিবাদকাৰীৰ সৈতে হতাহতিত লিপ্ত হয় নিৰাপত্তাৰক্ষী। আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়৷আৰক্ষীৰ বাধা অতিক্ৰম কৰি এজেপিৰ শীর্ষ নেতৃত্বই ৰাজভৱনত উপস্থিত হৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে ৰাজ্যপালক।

খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈ তথা পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰীলৈকে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে৷কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা বিজেপি দলৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি নিজৰ স্বাৰ্থান্বেষী কাম-কাজেৰে মূল্যবৃদ্ধি হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ অৰিহণা যোগাই আহিছে-বিক্ষোভ কাৰ্যসূচীত এইদৰে কয় এজেপি কর্মীসকলে।

গুৱাহাটী ক্লাৱৰ টিচি পইণ্টত প্ৰথম আৰক্ষীয়ে বেৰিকেট দি বাধা দিয়ে।আৰক্ষীৰ বাধাত প্ৰতিবাদকাৰীয়ে আচম্বিতে পথ সলনি কৰি বিপৰীত দিশে অগ্ৰসৰ হয়।নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰে যদিও এজেপি সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত  সহস্ৰাধিক  প্ৰতিবাদকাৰীয়ে বিপৰীত দিশৰ বেৰিকেদ ভাঙি গুৱাহাটী ক্লাব-বাৰোৱাৰী পথেৰে  ৰাজভৱনলৈ পদযাত্ৰা আৰম্ভ কৰে৷ৰাজভৱনলৈ যাত্ৰা কৰা পথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেদ বহুৱাই যদিও প্ৰতিবাদকাৰীয়ে আটাইকেইটা বেৰিকেদ ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয়৷বেৰিকেদ ভেদ কৰা প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কেইবা ঠাইত ঠেলা-হেঁচা আৰু হতাহতিৰ সৃষ্টি হয়৷

আনহাতে সমদলকাৰীক বাধা দিয়াৰ নামত অসম আৰক্ষী সেৱাৰ এগৰাকী বিষয়াই অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীৰ ডিঙিত চেপি ধৰাৰ ফলত বসুমতাৰীৰ ডিঙিৰ ছাল ফাটি তেজ নিৰ্গত হয়৷জাতীয় যুৱ শক্তি কামৰূপ মহানগৰ সমিতিৰ মুখ্য আহ্বায়ক জিন্টু ডেকাৰ বুকুত এগৰাকী আৰক্ষীয়ে গতা মাৰি দিয়াত ডেকাৰ মুখেৰে তেজ ওলায়।ইয়াৰ উপৰিও গীতা ৰাভা নামৰ আন এগৰাকী প্ৰতিবাদকাৰী আৰক্ষীৰে হতা-হতিত আহত হয়৷ 

নিৰাপত্তাৰক্ষীৰ বেৰিকেদ উফৰাই ৰাজভৱনৰ সন্মুখত উপস্থিত হোৱা প্ৰতিবাদকাৰীক পাছত আৰক্ষীয়ে  আটক কৰি লতাশিল থানালৈ লৈ যায়৷আৰক্ষী থানাও উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ প্ৰায় সংখ্যক শীর্ষ নেতা উপস্থিত আছিল।

ইফালে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা দিয়ে এজেপি নেতৃত্বই।

Your Comments