মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে জাতীয় পৰিষদৰ ৰাজভৱনলৈ গণবিক্ষোভ

A

নিউজ ডেস্ক:

চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে সাব্যস্ত কৰিব গণ বিক্ষোভ। ৰাজভৱন অভিমুখে গণবিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰিব পৰিষদে৷দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ নেতা-কৰ্মীসকলে খাদ্যদ্ৰব্যৰপৰা আৰম্ভ কৰি ঔষধলৈ আৰু পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি গৃহনিৰ্মাণৰ সামগ্ৰীলৈ প্ৰতিটো খণ্ডত হোৱা অসহনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দিনৰ ১১বজাত সাব্যস্ত কৰিব এই প্ৰতিবাদ।গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হ'ব প্ৰতিবাদ।ৰাজভৱনলৈ পদযাত্ৰা কৰি এজেপি কৰ্মীসকলে ৰাজভৱনৰ সন্মুখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিব৷ 

উল্লেখ্য যে চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱাৰ সলনি বনিয়া গোষ্ঠী সমূহৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই মূল্যবৃদ্ধিত অৰিহণা যোগোৱা প্ৰতিবাদ স্বৰূপে তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত জাতীয় পৰিষদে ৰাজ্যপালক স্মাৰকপত্ৰও প্ৰদান কৰিব বিক্ষোভৰ অন্তত৷  

এজেপি সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় -অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ এফালে সংস্থাপনহীনতা আৰু আনহাতে অসহনীয় মূল্যৰ বোজাই সৃষ্টি কৰা আকাল পৰিস্থিতিৰে মোকাবিলা কৰিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী লোকে আত্মহননৰ পথ বাচি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰিছে৷কেন্দ্ৰৰ আৰু ৰাজ্যত চৰকাৰ চলোৱা এই বিজেপি দলেই এসময়ত মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰাজপথ উত্তাল কৰিছিল।মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপিৰ শীৰ্ষস্থানীয় নেত্ৰীয়ে ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ৰাজপথত আন্দোলন কৰিছিল৷ কিন্তু ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতেই পূৰ্ব স্থিতি পাহৰি বিজেপি দলে সামগ্ৰীৰ মূল্যবৃদ্ধিত আওপকীয়া অৰিহনাহে যোগাই আহিছে৷অবাধ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ কঁকাল পোনাব নোৱাৰা অৱস্থা কৰি ৰখা সময়তে বিজেপি দলে বিধায়ক কিনা-বেচা কৰা জৰিয়তে অসমৰ কেইবাটাও সমষ্ঠিত অ-প্ৰত্যাশিত নিৰ্বাচন জাপি দি ক্ষমতা প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে৷  বিজেপি দল আৰু চৰকাৰৰ এনে গণবিৰোধী কাৰ্যৰ প্ৰতিবাদ হ'বই লাগিব৷ 

আনহাতে বিবৃতিটোত উল্লেখ কৰা অনুসৰি কয় শুকুৰবাৰেও ৰাজ্যৰ জিলা সদৰত এজেপিয়ে অনুৰূপ কাৰ্যসূচী ৰূপায়ন কৰিব৷

Your Comments