বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই:গুৱাহাটীত আছু মূল্যবৃদ্ধিৰ বিৰুদ্ধে সত্যাগ্ৰহ

A

নিউজ ডেস্ক:


মূল্যবৃদ্ধিত জুৰুলা ৰাজ্যৰ জনতা।অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিলে পূৰ্বৰ অভিলেখ।হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত।চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰি জনতাক সকাহ দিয়ক- এই দাবী সদৌ অসম ছাত্ৰ সন্থাৰ।আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী শ্বহীদ ভৱনৰ সন্মুখত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ণ কৰে গণ সত্যাগ্ৰহ।সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্লে' কাৰ্ড, পিয়াঁজ -আলুৰ মালা, কাঁহী-বাতিৰ উপৰিও মিঠাতেল, পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰে।প্ৰায় দুই শতাধিক আছুকৰ্মী উপস্থিত থাকে গণ সত্যাগ্ৰহত।

মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ-কেন্দ্ৰীয় চৰকাৰ হায় হায়, যোগান বিভাগ জাগি উঠা, মূল্যবৃদ্ধিক লৈ কাণ্ডজ্ঞানহীন মন্তৱ্য দিয়া জনপ্ৰতিনিধি হুচিয়াৰ, জনবিৰোধী সিদ্ধান্ত বাতিল কৰক, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদ।

বজাৰত জ্বলিছে জুই, চৰকাৰ  আছে শুই।মূল্যবৃদ্ধিৰ অভিলেখ ভংগৰে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰাৰ লগতে পেট্ৰ'ল-ডিজেল, খাদ্য বস্তু, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত জুৰুলা জনতা কিন্তু গুৰুত্ব নাই চৰকাৰৰ।চৰকাৰ চুড়ান্ত ভাৱে ব্যৰ্থ-সত্যাগ্ৰহত অংশলৈ আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।আচৰিত কথা কেইজনমান মন্ত্ৰী-বিধায়কে লাগ-বান্ধ নথকা কথা কৈ, অযুক্তিকৰ ভাৱে মূল্যবৃদ্ধিক লৈ মন্তব্য দাঙি ধৰি জনতাক চুড়ান্ত ভাৱে অপমান কৰিছে লগতে তেওঁ কয়।

'নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী, মন্ত্ৰী- বিধায়কে ভাষণ দিছে।কিন্তু মূল্যবৃদ্ধিক লৈ কিয় একো ক'ব পৰা নাই।চৰকাৰে আশ্বাস দিব পাৰিব লাগিছিল মূল্য বৃদ্ধি ৰোধ কৰিম বুলি।মূল্যবৃদ্ধিৰ প্ৰতিবাদ হৈছে আৰু হ'ব।যেতিয়ালৈ ইয়াৰ নিয়ন্ত্ৰণ নহব'-উপদেষ্টা গৰাকীয়ে লগতে কয়।

'মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে এখন চৰকাৰ, এটা বিয়াগোম যোগান বিভাগ আছে।কিয় খাদ্য সামগ্ৰীৰ মূল্য ৰোধ কৰিব পৰা নাই।নিষ্ক্রিয় চৰকাৰৰ ব্যৱসায় যি মন তাকে কৰি আছে- ভট্টাচাৰ্য্য কয়।

ইয়াৰ উপৰিও সত্যাগ্ৰহত উপস্থিত থাকে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সদৌ গুৱাহাটী ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুছেইন প্ৰমুখ্যে আছুৰ বহুকেইজন শীর্ষ নেতৃত্ব।

শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ৰেলী কৰি প্ৰতিবাদকাৰীসকল জিলা উপায়ুক্ত কাৰ্যালয়ৰ অভিমুখে ৰাওনা হৈছিল যদিও লতাশিলত আৰক্ষীয়ে বাধা প্রদান কৰে।তাতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে উপস্থিত থকা আৰক্ষী বিষয়াৰ জৰিয়তে।

Your Comments