মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিক কঠোৰ সমালোচনা কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ

A



নিউজ ডেস্ক:
যোৱা শনিবাৰে কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত সকলোৰে উপস্থিতিত অনুষ্ঠিত  হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত কংগ্ৰেছে মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা প্ৰস্তাৱ গৃহীত কৰে । উল্লেখ্য যে কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিক সমালোচনা কৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ৷
পেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধি, পিএছইউৰ ব্যক্তিগতকৰণ আৰু কৃষক আন্দোলনৰ বাবে চৰকাৰক কঠোৰ সমালোচনা কৰে ছোনিয়া গান্ধীয়ে ৷
কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ৰাজহুৱা সম্পত্তিৰ মুদ্ৰাকৰণৰ বাবেও মোডী চৰকাৰক সমালোচনা কৰে । বৰ্তমানৰ চৰকাৰখনে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে দেশত দশকজুৰি বহু পৰিশ্ৰমেৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় সম্পত্তি বিক্ৰী কৰাটো লক্ষ্য কৰি লৈছে বুলি উল্লেখ কৰে ।
গুৰুত্বপূৰ্ণ কথা এই যে বৈঠকখনত কমিটিয়ে মোডী চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰে৷ ভাৰতৰ কৃষকসকলৰ ওপৰত তীব্ৰ কৃষি সংকট আৰু আক্ৰমণ শীৰ্ষক প্ৰস্তাৱত কংগ্ৰেছ দলে কয় যে মোডী চৰকাৰে বিগত সাত বছৰত 'ভাৰতৰ কৃষক আৰু ভূমিহীন খেতিয়কসকলৰ জীৱিকাৰ ওপৰত আক্ৰমণ' কৰা দেখা গৈছে 

Your Comments