নিউজ ডেস্ক:
৮৭.৫৮। নীৰজ চোপ্ৰাৰ জীবনটোক সলাই পেলাইছে এই সংখ্যাটোৱে । টকিঅ’ অলিম্পিকত জেভলিনত স্বৰ্ণ জয় কৰিছিল নীৰজ চোপ্ৰাই। সেই সাফল্যৰ বাবেই বিজ্ঞাপন জগতত দাম বাঢ়িছে ভাৰতৰ খেলুৱৈজনৰ ৷ নীৰজৰ আয় বাঢ়ি বৰ্তমান হৈছেগৈ ১০০০ শতাংশ।
গুৰুত্বপূৰ্ণ কথা এই যে নীৰজৰ আয় ইমানেই বাঢ়ি গৈ আছে যে ভাৰতীয় খেলুৱৈসকলৰ বিজ্ঞাপনত আয়ৰ হিচাবত একেবাৰে শীর্ষত থকা বিৰাট কোহলীৰ সমানেই হৈছেগৈ । ভাৰতৰ বিজ্ঞাপনত এতিয়া প্ৰায়ে দেখা গৈছে নীৰজ চোপ্ৰাৰ মুখ ।
টকিঅ’লৈ যোৱাৰ পূৰ্বে বছৰি ১৫ৰ পৰা ২৫ লাখ টকাৰ বিজ্ঞাপন আছিল নীৰজৰ । এতিয়া সেই আয় ১০ গুণলৈ বৃদ্ধি পাইছে। ব্যক্তিগত বিভাগত খেলা নীৰজে এইক্ষেত্ৰত এক নতুন নজিৰ সৃষ্টি কৰা বুলিও গুণাগাথা কৰিছে ৷
- Log in to post comments
- 15 views