মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আডমী পাৰ্টিৰ প্ৰতিবাদ

A

 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ।গণেশগুৰি ৰাজ পথত পে’ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপ কর্মীসকলে গঢ়ি তোলে গণবিক্ষোভ।

বিজেপি চৰকাৰ হায় হায় , যোগান মন্ত্ৰী মূর্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।আম আদমী পাৰ্টীৰ প্ৰতিবাদত আপ মহিলা মৰ্চা, আপ অসমৰ যুৱ মৰ্চা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

আনহাতে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে দিছপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি দশম আৰক্ষী বেটেলিয়নলৈ লৈ যায়।

Your Comments