উচ্চতৰ মাধ্যমিক-মহাবিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ, পঢ়ি জানি লওক

Online admission

ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ মাচুল ছাত্ৰ-ছাত্ৰী পৰা ল’ব নোৱাৰিব। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ শিক্ষা বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷

উল্লেখ্য যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি অন্‌লাইন যোগে সম্পন্ন হ’ব।ছাত্ৰ-ছাত্ৰীৰ পৰা অন্‌লাইনত কোনো মাচুল ল’ব নোৱাৰিব।

প্ৰাদেশিকৃত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ এই নিৰ্দেশ প্ৰদান বিভাগৰ।

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে চলিত বৰ্ষত অন্‌লাইন পদ্ধতিত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হ’ব।

Your Comments