সদ্য ঘোষিত আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত জিলিকিল বিশ্বনাথৰ অস্মিতা দেশৰ ভিতৰত প্ৰথম হৈ

Asmita with Himanta-Riniki

সদ্য ঘোষিত আই চি এছ ই পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ এগৰাকী ছাত্ৰী অস্মিতা কাকতিয়ে কলা শাখাত ভাৰতৰ ভিতৰতে প্ৰথমস্থান অধিকাৰ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। 

উল্লেখ্য যে, অস্মিতা বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনিতা কাকতিৰ কন্যা ৷ অস্মিতাই শোণিতপুৰ জিলাৰ বালিপৰাৰ আচাম ভেলী স্কুলৰ পৰা আই চি এছ ই পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলা শাখাত ৯৯.৭৫ শতাংশ নম্বৰ সহ ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি অস্মিতাই লাভ কৰা নম্বৰৰ তালিকাখন হ’ল- বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ আৰু ৰাজনীতি বিজ্ঞানত ৯৫ নম্বৰ ।

Your Comments