প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত আজিও নহ’ল উপলব্ধ নহয় উপযুক্ত চিকিৎসা ব্যৱস্থা

Majuli ferry service

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি মাজুলীত আজিও নহ’ল উপযুক্ত চিকিৎসা ব্যৱস্থা ৷ ফলত সময়ে সময়ে বিপদৰ মুখত পৰে মাজুলী বাসী ৷ 

বৰ্তমান ক’ৰ’না পৰিস্থিতিৰ বাবে মাজুলী যোৰহাট ফেৰী সেৱা চলাচল বন্ধ হৈ থকাৰ ফলত অধিক সমস্যাত পৰিছে মাজুলীবাসী । 

Majuli

উল্লেখ্য যে মাজুলীৰ কোনো এখন হস্পিতালত নাই এণ্টি ভেনম (সাপে খুটিলে দিয়া ইনজেকচন), প্ৰসূতি চিকিৎসাৰ ক্ষেত্ৰতো মাজুলী জিলাত  বহুখিনি সা-সুবিধাই নাই ৷ গুৰুতৰ ভাৱে অসুস্থ ৰোগীক ফেৰীৰে লৈ যাব লাগে যোৰহাটলৈ ৷ তাতে এতিয়া ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত বিপদত পৰিছে মাজুলীৰ জনতা ৷  মাজুলীৰ সাধাৰণ জনতাই অভিযোগ তুলিছে যে এখন জিলাত যিমান সা-সুবিধা উপলব্ধ কৰি লক্‌ডাউন জাতীয় নীতি নিৰ্দেশনা জাৰি কৰিব লাগিছিল  সিমান উপযুক্ত সা-সুবিধা  এখন জিলা চিকিৎসালয়ত আছে নে নাই সেইটো মনকৰিবলগীয়া বিষয় আছিল চৰকাৰৰ ।  

Your Comments