চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত প্রথমটো শুনানি : অসন্তুষ্টি প্ৰকাশ উচ্চ ন্যায়ালয়ৰ

chandrapur dumping ground

চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত থকাৰ আবেদন দাখিল কৰিছিল অধিবক্তা প্রদীপ বৰুৱাই। উক্ত আবেদনৰ ভিত্তিত সোমবাৰে এই সন্দৰ্ভত প্রথমটো শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰে উচ্চ ন্যায়ালয়ে। ইয়াৰ লগতে আজিৰ শুনানিত চৰকাৰক দুসপ্তাহৰ ভিতৰত ব্যৱস্থাৱলী সম্পৰ্কে শপতনামা দিবলৈ নিৰ্দেশ দিয়ে আদালতে। অহা ৪ আগষ্টত পৰৱৰ্তী শুনানি গ্ৰহণৰ দিন ধাৰ্য্য কৰা হৈছে।

Your Comments