গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ৰাজ্যৰ সকলো কাৰাগাৰৰ কাৰাবন্দীকে শীঘ্ৰে ক'ভিড ভেক্‌চিন প্ৰদান কৰিব লাগে

Order from HC to Assam Government

ক’ৰ’না পৰিস্থিতি সম্ভালিবলৈ ৰাজ্যত ক’ভিড ভেক্‌চিন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে ৷ কিন্তু কাৰাগাৰসমূহত থকা কয়েদীসকলে এতিয়াও সঠিক ভাৱে পোৱা নাই ভেক্‌চিন।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰৰ প্ৰতিগৰাকী কয়েদীকে যিমান পাৰি সিমান সোনকালে ক’ভিড ভেক্‌চিন প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ যোগ্য যে ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ১১,৩৯৮ গৰাকী কাৰাবন্দীৰ ভিতৰত ৭৫২৪ গৰাকী কাৰাবন্দীকহে এতিয়ালৈকে ভেক্‌চিন প্ৰদান কৰা হৈছে। আনহাতে মাত্ৰ ১৭৫ গৰাকী কাৰাবন্দীয়েহে ক’ভিডৰ দুয়োটা ভেক্‌চিন লাভ কৰিছে ৷

জানিব পৰা অনুসৰি আদালতৰ নিৰ্দেশৰ পিছতে ৰাজ্য চৰকাৰৰ তৎপৰ হৈ পৰিছে এই ক্ষেত্ৰত আৰু বাকী থকা কাৰাবন্দীসকলকো দুসপ্তাহৰ ভিতৰত ক’ভিড ভেক্‌চিন প্ৰদান কৰা হ’ব বুলি চৰকাৰৰ ফালৰপৰা প্ৰকাশ কৰিছে।

উল্লেখ্য ৰাজ্যৰ কাৰাগাৰ সমূহত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ ২০২০ চনৰ ২৩ জুলাই আৰু চলিত বৰ্ষৰ ২৯ এপ্ৰিলতো গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ বিষয়টো গ্ৰহণ কৰি ক’ভিড আক্ৰান্ত কাৰাবন্দীৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছিল আৰু কাৰাগাৰৰ মহাপৰিদৰ্শকক ক’ভিড আক্ৰান্ত কাৰাবন্দীৰ তথ্য আদালতক অৱগত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছিল।

Your Comments