মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

A

নিউজ ডেস্ক :

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ।গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

হিমন্ত চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হায় হায়, আদি বিভিন্ন চৰকাৰবিৰোধি প্রতিবাদত পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ কর্মীসকলে।

শনিবাৰে সাব্যস্ত কৰা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, ববিতা শৰ্মা প্ৰমুখ্যে জ্যেষ্ঠ কংগ্ৰেছ কর্মীসকলে।

আনহাতে, প্ৰতিবাদ ৰোধ কৰাৰ বাবে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰী সকলক।উল্লেখ্য যে বাজেটত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কোনো বিশেষ ব্যৱস্থা নথকা বুলি অভিযোগ উত্থাপন কৰে।B

Your Comments