গো-সুৰক্ষা বিধেয়ক ২০২১ৰ বিৰুদ্ধে অৱশেষত সৰব হ’ল গোলাঘাট জিলা গো-পালক সন্থা। বৃহস্পতিবাৰে এই সন্দৰ্ভত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি নতুন বিধেয়কৰ বিৰোধিতাৰে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে সন্থাই।
উক্ত সংবাদ মেলত নতুন বিধেয়কখনে কৃষক সকলক কৰিব পৰা ক্ষতি সমূহৰ বিস্তৃত সমালোচনা আগবঢ়ায়। গো- সুৰক্ষা বিধেয়কৰ নীতি অনুসৰি গো-বিক্ৰী কৰিব নোৱাৰিলে কৃষক সকল মহা বিপদত পৰাৰো আশংকা প্ৰকাশ কৰে সন্থাই। এই বিধেয়ক আইনত পৰিণত হ’লে কৃষক সকলৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে অসমত নিৱনুৱাৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাব বুলিও কয় গো-পালক সন্থাই। সন্থাই লগতে ব্যক্ত কৰে অসমত এই বিধেয়ক আইনত ৰূপায়ণ হ’লে বহিৰাগত দুগ্ধজাত কোম্পানীহে অধিক লাভৱান হ’ব ।
গো-সুৰক্ষা আইনে গো-পালকসকলক অধিক ক্ষতি কৰিব বুলি যুক্তি প্ৰদৰ্শন কৰি চৰকাৰক এই গো-বিধেয়কৰ সলনি গো-পালকসকলৰ সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গৰুৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই গো-পালক সন্থাই।
- Log in to post comments
- 14 views