শুকুৰবাৰে দাখিল হ'ব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট

A

নিউজ ডেস্ক:

শুকুৰবাৰে দাখিল হ'ব মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট।বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।বাজেটক লৈ বহু- আশা প্ৰত্যাশাৰ ৰাজ্যবাসী।

উল্লেখ্য  যে, দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ অসম বিধানসভাত মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট।বিয়লি ৩বজাত পঞ্চদশ অসম বিধানসভাত দাখিল কৰা হ'ব বহু প্ৰত্যাশিত প্ৰথমখন বাজেট।

গুৰুত্বপূৰ্ণ কথা যে ক'ৰনাত বিধ্বস্ত ৰাজ্য অৰ্থনীতি উদ্ধাৰৰ বাবে নতুন বাজেটে আশাৰ বতৰা আনিব বুলি  আশাবাদী ৰাজ্যবাসী।

ইফালে বিত্তমন্ত্ৰী অজন্তা নেওগে কলে- ৩ কোটি ৩০ লাখ জনতাক চুই যাব বাজেটে।মহিলা সৱলীকৰণে লাভ কৰিব বিশেষ গুৰুত্ব।

Your Comments