বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী: আৰম্ভ হ’ল ক’ৰ’নাৰ তৃতীয় ঢৌ

Corona virus

বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে সতৰ্ক কৰি কয় যে ক’ৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছে। তেওঁ লগতে ইয়াকো কয় যে কিছুমান দেশত ভেক্‌চিনৰ অভাৱ আৰু ভেক্‌চিন সম্পূৰ্ণ হোৱা দেশসমূহত ক’ৰ’না বিধিৰ ক্ষেত্ৰত গাফিলতি কৰাৰ বাবেই ক’ৰ’নাৰ তৃতীয় ঢৌৰ প্ৰাথমিক পৰ্যায়ত উপস্থিত হ’ব লগা হ’ল ৷

অধানাম গেব্ৰিয়াছুছ

গেব্ৰিয়াছুছে পৰামৰ্শ আগবঢ়াইছে- ছেপ্টেম্বৰৰ ভিতৰতেই পৃথিৱীৰ আটাইকেইখন দেশেই তেওঁলোকৰ জনসংখ্যাৰ কমেও ১০শতাংশক ভেক্‌চিন দিয়া কাৰ্য সম্পূৰ্ণ কৰাৰ লগতে চলিত বছৰৰ শেষলৈ প্ৰতিখন দেশে তেওঁলোকৰ কমেও ৪০শতাংশ জনতাক ভেক্‌চিন দিয়া কাৰ্য সম্পূৰ্ণ কৰিব লাগিব।

বিশ্বৰ ১১১খন দেশে ইতিমধ্যে ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণৰ হাৰক লৈ দুশ্চিন্তাত পৰিছে। ক’ৰ’না বিধি উলংঘাৰ ফলতেই বিশ্বৰ অধিকাংশ দেশতেই নতুনকৈ সংক্ৰমণ ঘটিবলৈ ধৰিছে আৰু সেইদৰে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে ক’ৰ’না ভাইৰাছে ক্ৰমে ইয়াৰ ৰূপ সলনি কৰাৰ উপৰিও অধিক সংক্ৰামক হৈ পৰিছে ।

Your Comments