কেবিনেটে ল’লে আন এটা সিদ্ধান্ত। অনলাইন যোগে অৰ্ডাৰ আৰু হোম ডেলিভাৰী হ’ব সুৰাৰ ৷ পৰীক্ষামূলক ভাৱে এমাহলৈ হোম ডেলিভাৰীৰ সিদ্ধান্ত হিমন্ত কেবিনেটৰ।
উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি গুৱাহাটীত এমাহৰ বাবে সুৰাৰ হোম ডেলিভাৰীৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। কেবিনেটৰ মুখপাত্ৰ কেশৱ মহন্ত, পিযুষ হাজৰিকাই যৌথভাৱে সংবাদমেলত ঘোষণা কৰে এই কথা।
উল্লেখ্য ক'ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আবেলি সুৰা দোকানত গ্ৰাহকৰ যাতে ভিৰ নহয় তাৰ বাবে হোম ডেলিভাৰীৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মুখপাত্ৰ দুগৰাকীয়ে।
ইফালে হোম ডেলিভাৰী কিদৰে হ'ব তাৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা আৱকাৰী বিভাগক প্ৰস্তুত কৰাৰ নির্দেশ প্ৰদান কৰিছে কেবিনেটে। অনলাইন বুকিঙৰ বাবে আৱকাৰী বিভাগে কৰিব ব্যৱস্থা।
- Log in to post comments
- 8 views